গুৱাহাটী,২৩ জানুৱাৰী : নগাঁৱৰ ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া । ছাত্ৰনেতা কীৰ্তি কমল বৰাক অৰক্ষীয়ে গুলিওৱা ঘটনাক তীব্ৰ গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছে (APCC condemns Nagaon incident)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে আমি পূৰ্বতেই কৈছিলো যে অসমৰ মুখ্যমন্ত্রীয়ে মৃত্যুদণ্ড ঘোষণা কৰিব পাৰে ।
তেওঁ লগতে কয়, ''অসমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 'extra judicial killing' আৰম্ভ হৈছে (Extra judicial killing in Assam) । কাৰণ মুখ্যমন্ত্রীয়ে নিজে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁ আৰক্ষীক এনকাউণ্টাৰৰ বাবে নিৰ্দেশ দিছে ।'' ইয়াৰোপৰি সভাপতি বৰাই কয় যে, কিছুদিন পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানক মুখ্যমন্ত্রীৰ এনকাউণ্টাৰৰ নিৰ্দেশ দিয়াৰ ক্ষমতা আছে নে নাই বুলি সোধাত তেওঁ ন' কমেণ্ট বুলি কৈছিল ।
অসমত আৰম্ভ হোৱা extra judicial killingৰ স্বৰূপ এয়া বুলি উল্লেখ কৰি তেওঁ কয় যে আজি আমি দেখিলো মাতাল আৰক্ষীয়ে এজন নিৰীহ ছাত্র নেতাক গুলীয়াই ড্ৰাগছ মাফিয়া সজাব চেষ্টা কৰিছে । এই বিষয়টো অতি চিন্তনীয় । এই কাৰ্য বন্ধ নহ'লে ঘৰৰ পদূলিত হত্যালীলা সংঘটিত হ'ব বুলি তেওঁ কয় ।
উল্লেখ্য যে শনিবাৰে নিশা নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক তথা জিলাখনৰ আছুৰ এগৰাকী নেতা কীৰ্তি কমল বৰা আৰক্ষীৰ গুলীত আহত হয় । এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি সামান্য কথাতে আৰক্ষীয়ে কীৰ্তি কমল বৰালৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল ।
অভিযোগ অনুসৰি নগাঁৱত এণ্টি নাৰ্ক'টিক স্কোৱাডে (Anti narcotic squad on mission in Nagaon) তালাচী চলাই থকাৰ সময়তে ঘটনাটো সংঘটিত হয় । এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাৰে জড়িত এজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰা হৈছে । আনহাতে আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক :Student Leader Shot by Police in Nagaon: আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিৰ্জাভ ক্লজ