ETV Bharat / state

আমাৰ প্ৰাৰ্থীসকল মাটিৰ দালাল নহয় : ভূপেন বৰা - by election

মুখ্যমন্ত্ৰীৰ গ’লপ'ষ্টত গ’লকীপাৰ নাই বুলি কৰা মন্তব্যক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে, আমাৰ প্ৰাৰ্থীসকল মাটিৰ দালাল নহয় বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ ৷

apcc-president-bhupen-borah-reacting-on-cm-sarmas-goalpost-comment-in-by-election-meeting
আমাৰ প্ৰাৰ্থীসকল মাটিৰ দালাল নহয় : ভূপেন বৰা
author img

By

Published : Oct 18, 2021, 5:54 PM IST

গুৱাহাটী, ১৮ অক্টোবৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই দেওবাৰে এখন নিৰ্বাচনী সভাত ভাগ লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে সমুখৰ গ’লপ'ষ্টত গ’লকীপাৰ নাই, গতিকে যিমান পাৰে সিমান গ’ল দিয়ক । একেদিনাই মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই আন এখন নিৰ্বাচনী সভাত ভাগ লৈ কৈছিল " যদি পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ এটাতো কংগ্ৰেছ জিকে ৰাজনীতি ত্যাগ কৰিম । "

স্বাভাৱিকতে শাসক দল বিজেপিৰ ফালৰ পৰা এইদৰে উফৰি অহা তীৰ্যক মন্তব্যবোৰে বাৰুকৈয়ে অস্বস্তিত পেলাইছে কংগ্ৰেছ দলক ৷ একে সময়তে কংগ্ৰেছে পাঁচোটা সমষ্টিতে যিসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেওঁলোকৰ গ্ৰহণযোগ্যতা বা শক্তিশালী স্থিতি সন্দৰ্ভতো প্ৰশ্নৰ উদয় হৈছে । বিশেষকৈ ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এই পাঁচোটা সমষ্টিৰ উপ-নিৰ্বাচন তেওঁৰ বাবে হৈ পৰিছে প্ৰথমটো শক্তিশালী প্ৰত্যাহ্বান ।

আমাৰ প্ৰাৰ্থীসকল মাটিৰ দালাল নহয় : ভূপেন বৰা

এই প্ৰত্যাহ্বান তেওঁ সফলতাৰে অতিক্ৰম কৰিব পাৰিব নে নাই তাকেলৈয়ো চৰ্চা আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ।

কংগ্ৰেছে এইবাৰৰ উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতে বিজেপিক ৱাকঅভাৰ দিবলৈ ওলাইছে বুলি কলেও হয়তো ভুল কোৱা নহ’ব । কিয়নো, সাধাৰণতে উপ-নিৰ্বাচন সমূহত ঢৌ শাসকপক্ষৰ ফালেই থাকে । কিন্তু বিৰোধীৰ প্ৰাৰ্থী যদি শক্তিশালী হয় তেন্তে শাসকপক্ষৰ বিজয়ৰ পথ প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰে । তেনে স্থলত মুখ্যমন্ত্ৰীৰ মন্তব্যই ভোটাৰ ৰাইজৰ মনত প্ৰশ্নৰ অৱতাৰণা কৰাটো স্বাভাৱিক ৷

ইপিনে, মুখ্যমন্ত্ৰীয়ে দেওবাৰে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই । সোমবাৰে ৰহাৰ পৰা টেলিফোন যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ই টিভি ভাৰতক কয় - " মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে । আমাৰ প্ৰাৰ্থী সকল তেওঁলোকৰ প্ৰাৰ্থীসকলৰ দৰে নহয় । আমাৰ প্ৰাৰ্থীসকল মাটিৰ দালাল নহয় বা আমাৰ প্ৰাৰ্থীসকলৰ বিৰুদ্ধে চাৰি পাচটাকৈ গোচৰো ৰুজু হৈ থকা নাই ।''

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পুনৰ কয়, যে তেওঁলোকৰ প্ৰাৰ্থী বাহুবলী নহয় । গলপ'ষ্টত গ’লকীপাৰ নাই বুলি কৈ মুখ্যমন্ত্ৰীয়ে আচলতে ৰাইজকহে উপলুঙা কৰিছে, গণতন্ত্ৰত প্ৰকৃত গ’লকীপাৰ ৰাইজহে বুলিও কয় বৰাই । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পাচটা সমষ্টিৰ কোনটো সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আছে বুলিও প্ৰশ্ন কৰি কয় ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই, ফণী তালুকদাৰ কেতিয়া বিজেপি হ'ল ? বিজেপিৰ প্ৰকৃত কৰ্মীসকল কলৈ গ’ল বুলিও প্ৰশ্ন কৰে তেওঁ ৷

লগতে পঢ়ক : অৰুণাচলত চীন সীমান্তত মানৱবিহীন বিমান আৰু বিমান সম্পদৰ মোতায়েন বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.