ETV Bharat / state

জয়া শইকীয়া দুৱৰাক অনুপ্ৰেৰণা জীৱনজোৰা সাধনা বঁটা প্ৰদান - ১৯৭১ চনত জয়া শইকীয়া দুৱৰাৰ বিহুকুঁৱৰী খিতাপ

বিশিষ্ট শিল্পী, পৰিচালক, নৃত্যবিদ, প্ৰযোজিকা জয়া শইকীয়া দুৱৰাই ১৯৭১ চনত লাভ কৰিছিল “বিহু কুঁৱৰী” উপাধি ৷ জয়া শইকীয়া দুৱৰাই বিহুকুঁৱৰী খিতাপ লাভ কৰা পঞ্চাশ বছৰ পূর্ণ হোৱা উপলক্ষে অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা অনুষ্ঠান ৷ শিল্পীগৰাকীক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা (Lifetime achievers award to Jaya Saikia Duarah) ৷

Anuprerona Lifetime achievers award to Jaya Saikia Duarah
জয়া শইকীয়া দুৱৰাক অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা প্ৰদান
author img

By

Published : Mar 28, 2022, 9:04 AM IST

Updated : Mar 28, 2022, 9:48 AM IST

গুৱাহাটী, 28 মাৰ্চ: "অনুপ্ৰেৰণা আৰু কৰণি ফুল"ৰ যুটীয়া উদ্যোগত দেওবাৰে পাণবজাৰস্থিত মে’ ফ্লাৱাৰ হোটেলত এক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হৈ হয় ৷ অনুষ্ঠানত বিশিষ্ট শিল্পী, পৰিচালক, নৃত্যবিদ, প্ৰযোজিকা, সমাজকৰ্মী জয়া শইকীয়া দুৱৰাক অনুপ্ৰেৰণা জীৱনজোৰা সাধনা বঁটা ২০২২ প্ৰদান(Lifetime achievers award to Jaya Saikia Duarah) কৰা হয় ৷

জয়া শইকীয়া দুৱৰাক অনুপ্ৰেৰণা জীৱনজোৰা সাধনা বঁটা প্ৰদান

এই বঁটাত আছে ফুলাম গামোচা, ফুলৰ থোপা, এটি স্মাৰক আৰু মানপত্ৰ ৷ আনহাতে, কৰণি ফুলৰ তৰফৰ পৰাও দুৱৰাক জাপি আৰু উপহাৰৰ টোপোলা প্ৰদান কৰা হয় ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত পদ্মশ্ৰী এলি আহমেদ, অনাতাঁৰ শিল্পী আৰতি বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে, জয়া শইকীয়া দুৱৰাই “বিহুকুঁৱৰী” খিতাপ লাভ কৰা পঞ্চাশ বছৰ পূর্ণ হোৱা উপলক্ষে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ১৯৭১ চনত জয়া শইকীয়া দুৱৰাই “বিহু কুঁৱৰী” উপাধি লাভ কৰিছিল ৷

লগতে চাওক: ব্যৰ্থ চৰকাৰে 'The Kashmir files'ৰ আশ্ৰয় লৈছে : লুৰীণজ্যোতি গগৈ

Last Updated : Mar 28, 2022, 9:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.