গুৱাহাটী, 22 জানুৱাৰীঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কটনৰ ছাত্ৰ সমাজে আয়োজন কৰা গণ অনশনত অংশগ্ৰহণ জেএনইউৰ ভাষা বিভাগৰ ছাত্ৰী অপলা হাজেৰ । তেওঁ কয়, 'নাগৰিকত্ব সংশোধনী আইন আমি কোনোপধ্যেই মানি নলওঁ আৰু উচ্চতম ন্যায়ালয়ে আজি যি নিৰ্দেশ দিলে আমি তাক সন্মান কৰো আৰু আমি পৰবৰ্তী শুনানিলৈ বাট চাম ।' ইয়াৰোপৰি ছাত্ৰী গৰাকীয়ে ছাত্ৰ সমাজক একগোট হৈ আন্দোলনটো আগবঢ়াই নিবৰ বাবে আহ্বান জনায় ৷ লগতে অসমৰ যিসকল আন্দোলনকাৰীক চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায় ।
লগতে পঢ়ক ঃ ন্যায়ালয়ৰ সমান্তৰালকৈ ৰাজপথটো অব্যাহত "কা" বিৰোধী সংগ্ৰাম