গুৱাহাটী, 8 আগষ্ট: যোৱা ৭ আগষ্টত মুক্তি লাভ কৰিছে অসমীয়া এখন এনথ্ৰ’লজি ছবি ‘বিছা’ । নৱপ্ৰজন্মৰ তিনিগৰাকী পৰিচালকৰ তিনিটা ভিন্ন ব্যতিক্ৰমী কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ ছবিখনত থকা তিনিটা কাহিনীৰ ভিতৰত আছে পৰিচালক সপ্তৰ্ষি গগৈৰ ‘হাঁচি’, অজিৎ গিৰিৰ ‘ইনচাইড’, আৰু মৃন্ময় শইকীয়াৰ ‘মই মিঠুন’ ।
বিছা ছবিখন প্ৰযোজনা কৰিছে ৰোহিত শৰ্মাই । হাঁচিৰ কাহিনীটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা গুণমণি বৰুৱাই । হাঁচিৰ কাহিনীটো বিশ্ব বিখ্যাত গল্পকাৰ এন্টন ছেখভৰৰ বিখ্যাত চুটিগল্প "Death of a Clerk" ৰ পৰা অনুপ্ৰাণিত । "হাঁচি" এটা হাস্যৰসাত্মক চুটি গল্প । এজন কেৰাণীয়ে এটা অনুষ্ঠানৰ সময়ত দুৰ্ঘটনাক্ৰমে এজন জ্যেষ্ঠ বিষয়াৰ ওপৰত হাঁচি মাৰি দিয়াৰ পিচত যি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল তাৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন ।
লগতে পঢ়ক: Rudrakanya: যোৰহাটৰ ভ্ৰাম্যমাণ জগতত ৰুদ্ৰকণ্যাৰ নৱ সংযোজন
দ্বিতীয় খন চুটিছবিখন হৈছে "Inside" ৷ Inside এখন মননশীল ছবি । "Inside" ত অভিনয় কৰিছে জয়ন্ত ভাগৱতী, কুলদা কুমাৰ ভট্টাচাৰ্য, মৈত্ৰী দাস আৰু সৃষ্টি শৰ্মাF । "Inside" ছবিখনত দুগৰাকী বৃদ্ধলোকৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।
আনহাতে তৃতীয়খন চুটি ছবি "মই মিথুন" এখন কলাত্মক মনোৰঞ্জনধৰ্মী ছবি । মই মিথুনত অভিনয় কৰিছে সপ্তৰ্ষি গগৈ, ৰোহিত শৰ্মা আৰু উজ্জ্বল কুমাৰে । এক কথাত ক’বলৈ গ’লে বিছা নৱ প্ৰজন্মৰ প্ৰয়াস । অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰয়াসে নজিৰ সৃষ্টি কৰাৰ লগতে এক ব্যতিক্ৰমী ধাৰাক অব্যাহত ৰখাৰ অহৰহ প্ৰচেষ্টাক এতিয়া শলাগিছে ভিন্নজনে । ছবিখন ইতিমধ্যে CND play নামৰ অটিটি’ প্লেটফৰ্মত দৰ্শকৰ বাবে উপলব্ধ হৈছে । আনহাতে ছবিখনক লৈ আশাবাদী তিনি পৰিচালনক ৷ উল্লেখযোগ্য যে এনথ্ৰ’লজি ছবি হৈছে ভিন্ন পৰিচালকৰ ভিন্ন কাহিনী সমাহাৰৰে সৃষ্টি হোৱা এখন ছবি ।