ETV Bharat / state

অনিল বৰগোহাঁইৰ ওপৰত আক্ৰমণঃ কংগ্ৰেছৰ গৰিহণা - গৰিহণা

দুৰ্গাদাস বড়োৱে কয় যে এই ঘটনাৰ লগত বিজেপিৰ গুণ্ডাবাহিনী জড়িত আছে ৷ পৰাজয়ৰ ভয়ত বিজেপিয়ে গুণ্ডাগিৰিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰে বড়োৱে ৷ একেদৰে আক্ৰমণৰ ঘটনাক নিন্দা কৰিছে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসে

অনিল বৰগোহাঁইৰ ওপৰত আক্ৰমণঃ কংগ্ৰেছৰ গৰিহণা
author img

By

Published : Apr 6, 2019, 2:59 PM IST

Updated : Apr 6, 2019, 4:03 PM IST

গুৱাহাটী, লখিমপুৰ, 6 এপ্ৰিলঃ লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি দলটোৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয় যে এই ঘটনাৰ লগত বিজেপিৰ গুণ্ডাবাহিনী জড়িত আছে ৷ পৰাজয়ৰ ভয়ত বিজেপিয়ে গুণ্ডাগিৰিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰে বড়োৱে ৷

জয়প্ৰকাশ দাসৰ গৰিহণা

গুৱাহাটী, লখিমপুৰ, 6 এপ্ৰিলঃ লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি দলটোৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয় যে এই ঘটনাৰ লগত বিজেপিৰ গুণ্ডাবাহিনী জড়িত আছে ৷ পৰাজয়ৰ ভয়ত বিজেপিয়ে গুণ্ডাগিৰিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰে বড়োৱে ৷

জয়প্ৰকাশ দাসৰ গৰিহণা
Intro:লক্ষীমপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল বুঢ়াগোহাঁইক দুৰ্বৃত্তই কৰা আক্ৰমণক গৰিহণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ। বিজেপিয়ে ভয় কৰি এইদৰে গুণ্ডাগিৰীৰ সহায় লৈছে।


Body:লক্ষীমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল বুঢ়াগোহাঁইক যোৱা নিশা নিৰ্বাচনী প্ৰচাৰ চলাই থকা দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে। ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি দুৰ্গা দাস বড়োয়ে অভিযোগ কৰে যে এই আক্ৰমণৰ লগত বিজেপি দলৰ গুণ্ডাবাহিনী জড়িত হৈ আছে। বিজেপি দলে নিৰ্বাচনত জয় হ'বলৈ কেইবাটাও ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিও পৰাজয়ৰ ভয়ত এইদৰে গুণ্ডাগিৰীৰ সহায় ল'ব লগা হৈছে। অনিল বুঢ়াগোহাঁই লক্ষীমপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ এজন শক্তিশালী প্ৰাৰ্থী গতিকে বিজেপি দল লক্ষীমপুৰত পৰাজয় হোৱাটো নিশ্চিত। দুৰ্গা দাস বড়োয়ে বিজেপি দলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় বিজেপিৰ এই মন্ত্ৰী আৰু নেতা সকলে বিজেপিৰ ৫ বছৰৰ উন্নয়ন মূলক কামৰ খতিয়ান দাঙি ধৰি ৰাইজৰ পৰা ভোট বিচাৰক, নিৰ্বাচনী সভাত আবুল তাবিল কথা কৈ ভোট বিচৰা বন্ধ কৰক।

বাইট : দুৰ্গা দাস বড়ো, মুখপাত্ৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি


Conclusion:অনিল বুঢ়াগোহাঁইৰ আক্ৰমণৰ লগত জড়িত দুজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীয়ে তদন্ত সঠিকভাৱে নকৰাৰ অভিযোগো উত্থাপন কৰে দুৰ্গা দাস বড়োয়ে।
Last Updated : Apr 6, 2019, 4:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.