ETV Bharat / state

Anganwadi worker protest: মাননি বৃদ্ধিৰ দাবীত নৱম দিনাও আন্দোলন অব্যাহত ৰাখিব অংগনৱাড়ী কৰ্মী-সহায়িকাই - গুৱাহাটী

চৰকাৰী প্ৰতিশ্ৰুতি মতে মাননি বৃদ্ধি নকৰা পৰ্যন্ত অবিৰতভাৱে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ৷ বিগত আঠদিনা ধৰি তেওঁলোকে অব্যাহত ৰাখিছে এই প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ৷

Anganwadi worker protesting for eight days in guwahati
অংগনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলন
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:39 AM IST

অংগনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলন

গুৱাহাটী, 11 অক্টোবৰ : চি আই টি ইউৰ অন্তৰ্ভূক্ত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই আহ্বান কৰা ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী ৩ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে চলাই আছে ৰাজ্যখনৰ ৩১ খন জিলাত থকা কৰ্মী-সহায়িকাসকলে । ৰাজ্যখনৰ প্ৰতিখন জিলাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত তীব্ৰ আন্দোলনেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে কৰ্মী-সহায়িকাই । আজি নৱম দিনাও অসহযোগ আন্দোলন অব্যাহত ৰাখিব তেওঁলোকে ।

সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বেলতলাৰ সমাজ কল্যাণ বিভাগ কাৰ্যালয়ৰ সমীপতো প্ৰতিবাদ সাব্যস্ত কৰিছে অংগনৱাড়ী কৰ্মী-সহায়িকাই । অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই ৰাজ্যজুৰি কৰা গণতান্ত্ৰিক অসহযোগ কাৰ্যসূচীৰ আঠদিন অতিক্ৰম কৰাৰ পিচতো চৰকাৰে আন্দোলনকাৰীৰ সৈতে আলোচনা কৰি বিষয়বোৰ মীমাংসা কৰাৰ বিপৰীতে বিভাগীয় বিষয়াৰ দ্বাৰা ভয়-ভাবুকি দেখুৱাই আন্দোলন দমন কৰাৰ অপচেষ্টাত লিপ্ত হৈছে । নানা প্ৰকাৰৰ মিছা প্ৰচাৰ চলাই আন্দোলনকাৰীৰ মনোবল ভাঙি দিয়াৰ নিকৃষ্ট অপচেষ্টাও চলাইছে । আনকি কিছু বিভাগীয় বিষয়াই আওপকীয়াকৈ চাকৰি পৰা বৰ্খাস্ত কৰাৰো কথা শুনাইছে বুলি আন্দোলনকাৰী কৰ্মী-সহায়িকাসকলে উল্লেখ কৰে ।

উল্লেখ্য যে, চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী-সহায়িকাৰ মাননি ১২ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক চৰকাৰী জাননী মতে এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, গ্ৰেছুয়েটি আদায় দিয়া আৰু অংগনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আদিৰ দাবীত ৰাজপথত নামিব লগা হৈছে আজাদী কি অমৃত মহোৎসৱ বৰ্ষৰ হেজাৰ হেজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকা তথা মিনি কৰ্মীয়ে ।

উল্লেখিত দাবীত বিগত ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ ৰাজ্যখনৰ সংহত শিশু উন্নয়ন প্ৰকল্পই প্ৰকল্পই চলি আছিল এই অসহযোগ কাৰ্যসূচী । যোৱা ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ মহিলা আৰু শিশু কল্যাণ বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত দাবী মানি নোলোৱালৈকে অবিৰতভাৱে অসহযোগ কাৰ্যসূচী চলাই থাকিব বুলিও উল্লেখ কৰে আন্দোলনকাৰীসকলে । এই অসহযোগ কাৰ্যসূচীৰ সময়ত প্ৰতিগৰাকী অংগনৱাড়ী কৰ্মী-সহায়িকাই আই চি ডি এচ আৰু আই চি ডি এচ সংলগ্ন সকলো কামৰ পৰা বিৰত থাকি অৰ্থাৎ কেন্দ্ৰ বন্ধ ৰাখি, পোষণ ট্ৰেকাৰৰ কাম-কাজৰ পৰা বিৰত থাকিব লগতে সকলো প্ৰশিক্ষণৰ পৰাও বিৰত থাকিব ।

লগতে পঢ়ক : Anganwadi worker protest: তিনিচুকীয়াত অংগনৱাড়ী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.