ETV Bharat / state

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Jul 25, 2021, 5:22 PM IST

কেইবাখনো উন্নয়নমূলক আঁচনি উদ্বোধন কৰাৰ বাবে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দেওবাৰে বিয়লি প্ৰায় 4 বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

amit shah visit assam
গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ২৫ জুলাই : দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণসূচীৰে শনিবাৰে মেঘালয়ৰ শ্বিলঙত উপস্থিত হয় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) । শনিবাৰে মেঘালয়ৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছতে বায়ু সেনাৰ বিশেষ হেলিকপ্তাৰযোগে দেওবাৰে বিয়লি অসমত উপস্থিত হয় গৃহমন্ত্ৰী শ্বাহ ৷

amit shah visit assam
গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), নৱ নিৰ্বাচিত ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায় । বিমানবন্দৰৰ পৰা পোনে পোনে গৃহমন্ত্ৰীগৰাকীয়ে কামাখ্যা মন্দিৰ (Kamakhya Temple) দৰ্শন কৰে । গৃহমন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷

ৰাজ্যৰ কেইবাখনো উন্নয়নমূলক আঁচনি উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ।

amit shah visit assam
গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

তাৰ ভিতৰত GMCH ৰ ৰেডিঅ'থেৰাপি ব্লক উন্মোচন আৰু বাক্সা জিলাৰ Tamulpur medical College ৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে । ইফালে গৃহমন্ত্ৰীগৰাকীৰ উত্তৰ-পূৱ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হৈছে ৷ কাৰণ এই ভ্ৰমণসূচীৰ অন্যতম উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা সমস্যা সমাধান কৰা ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.