গুৱাহাটী, 27 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ৰাজহুৱা সম্পতি ধ্বংস কৰা সকলৰ পৰা সম্পত্তিৰ মূল্য আদায় কৰক চৰকাৰে ৷ প্ৰয়োজনত সেই সকলৰ পৰা বাজেয়াপ্ত কৰক সম্পতি ৷ এই দাবী সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ ৷
শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত সংবাদমেল সম্বোধন কৰি এই দাবী তুলে সংগঠনটোৰ নেতৃত্বই ৷ সংবাদমেলত কয় যে, আন্দোলনৰ সময়ত ৰাজহুৱা সম্পতি ধ্বংস কৰা সকলক ভালকৈ চিনাক্ত কৰক চৰকাৰে ৷ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দৰে সৰ্বানন্দ সোনোৱালেও দৃঢ়তা দেখুৱাই দুষ্কৃতিকাৰীৰ সম্পতি বাজেয়াপ্ত কৰি নিলামৰ ব্যৱস্থা কৰক ৷ লগতে কয় যে, প্ৰতিবাদ আৰম্ভ কৰাৰ সময়তে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন কৰা হ'লে এনে ভয়ংকৰ পৰিৱেশ নহ'লহেতেন ৷ আমি মুছলমানৰ দ্বাৰা নিৰ্যাতিত হৈ বাংলাদেশৰ পৰা বিতাড়িত হোৱা অনা মুছলমান নাগৰিকক ভাৰতত নাগৰিকত্ব দিয়াৰ পোষকতা কৰো বুলি উল্লেখ কৰে দলটোৱে ৷ সেয়াই নহয়, ভাৰত চৰকাৰে বাংলাদেশৰ পৰা ভূ-খণ্ড কাঢ়ি লোৱাৰ বাবেও আহ্বান জনায় সংগঠনটোৱে ৷