গুৱাহাটী, 08 জুলাই: মহানগৰীৰ আই এছ বি টিত আৰক্ষীৰ অভিযান ৷ দেওবাৰে চলোৱা এই অভিযানত প্ৰথমে দুটাকৈ সন্দেহজনক বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বেগ কেইটা তালাচী কৰাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট ৷ ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰে আই এছ বি টি আৰক্ষীয়ে ৷ ধৃত লোক দুজন ক্ৰমে, মণিপুৰৰ কাছিঙৰ কামৰুজ জামান আৰু আমিৰ খান ৷ আৰক্ষীয়ে সদৰী কৰা মতে, নিচাযুক্ত টেবলেট খিনিৰ মূল্য প্ৰায় দহ লাখ টকা । 22টা ডাঙৰ পেকেট আৰু প্ৰায় 48টাকৈ সৰু পেকেটত নিচাযুক্ত টেবলেট খিনি আনিছিল ধৃত লোক দুজনে । ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আই এছ বি টি আৰক্ষীয়ে ৷ জানিব পৰা মতে, মণিপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল নিচাযুক্ত টেবলেটসমূহ । আই এছ বি টিৰ পৰা শিলিগুৰিলৈ লৈ যোৱা কথা আছিল টেবলেটসমূহ ।
মহানগৰীৰ আই এছ বি টিত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট - জব্দ
মহানগৰীৰ আই এছ বি টিত আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট ৷ ঘটনা সন্দৰ্ভত মণিপুৰৰ কাছিঙৰ কামৰুজ জামান আৰু আমিৰ খান নামৰ দুজন লোকক আটক আই এছ বি টি আৰক্ষীৰ ৷ আই এছ বি টিৰ পৰা শিলিগুৰিলৈ লৈ যোৱা কথা আছিল নিচাযুক্ত টেবলেটসমূহ ।