ETV Bharat / state

প্ৰসংগ- চুপাৰী চিণ্ডিকেট : চৰকাৰ-আৰক্ষীৰ ভূমিকাত মুঠেই সন্তুষ্ট নহয় অখিল গগৈ - অখিল গগৈ

মহানগৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি পুনৰ চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হ'ল অখিল গগৈ ৷ জালুকবাৰীত জব্দকৃত ট্ৰাকৰ ক্ষেত্ৰত তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰে গগৈয়ে ।

পুনৰ চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হ'ল অখিল গগৈ
author img

By

Published : Sep 6, 2019, 8:56 PM IST

গুৱাহাটী,6 ছেপ্টেম্বৰঃ শুকুৰবাৰে মহানগৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি পুনৰ চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হ'ল অখিল গগৈ ৷ জালুকবাৰীত জব্দকৃত ট্ৰাকৰ ক্ষেত্ৰত তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰে গগৈয়ে ।

পুনৰ চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হ'ল অখিল গগৈ

অখিল গগৈৰ স্পষ্ট অভিযোগ চৰকাৰ আৰু আৰক্ষীৰ পৃষ্ঠপোষকতাতে গঢ় লৈ উঠিছে এই ভয়ানক কাৰোবাৰ । আৰক্ষীক চুপাৰী মাফিয়াৰ নামসহ অভিযোগ দিয়াৰ পিচতো বৰ্তমানলৈ কিয় গোচৰ পঞ্জীয়ন নকৰিলে তাক লৈ প্ৰশ্ন অখিল গগৈৰ । আনহাতে চুপাৰীৰ এই ট্ৰাকৰ দ্বাৰাই অস্ত্ৰ শস্ত্ৰ সৰবৰাহ হোৱাৰো এক তথ্য আছে বুলি অভিযোগ কৰে গগৈয়ে । সকলো কথা আৰক্ষী তথা ৰাজ্যৰ সকলো বিভাগক জনোৱাৰ পিচতো দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰে বৰ্তমানলৈ এটা চকুত লগা ধৰণে পদক্ষেপ নোলোৱাৰ অভিযোগ তুলি ক্ষোভ উজাৰে কৃষক নেতাগৰাকীয়ে । এই চিণ্ডিকেটৰ লগত অসম কৃষি বিপনন পৰিষদ জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে । ইফালে দীপাংকৰ দে', আব্দুল হান্নান আলী, অঞ্জন পাল আৰু ৰবিউল ইছলাম নামৰ চুপাৰী মাফিয়াই বৰ্তমানো গুৱাহাটীৰ মাজমজিয়াত চুপাৰীৰ বেহা চলাই আছে বুলি সংবাদমেলত মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে । তাৰোপৰি অতিশীঘ্ৰে আৰক্ষী আৰু চৰকাৰে কোনো বিশেষ ব্যৱস্থা নল'লে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ কাষ চাপিব বুলি জনাই অখিল গগৈয়ে।

Intro:শুকুৰবাৰে মহানগৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি পুনৰ চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হ'ল অখিল গগৈ। জালুকবাৰীত জব্দকৃত ট্ৰাকৰ ক্ষেত্ৰত তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰে গগৈয়ে। আৰক্ষী তদন্তত পোহৰলৈ আহিছে চুপাৰী চিণ্ডিকেটৰ ভয়ংকৰ তথ্য। নথি পত্ৰ জালিয়াতিৰে চলি এই ভয়ানক চিণ্ডিকেট। ট্ৰাক চালকে আৰক্ষীৰ হাতত দাখিল কৰা নথি অনুসৰি তদন্ত কৰিবলৈ গৈ এই বৃহৎ জালিয়াতি ধৰিব পাৰিলে আৰক্ষীয়ে। নথিত উল্লেখ তথা চুপাৰীৰ মালিকক বিচাৰিয়ে নাপালে আৰক্ষীয়ে। মুঠৰ ওপৰত ভুৱা নথি পত্ৰৰেই চলি চুপাৰীৰ কলা বেহা।

Body:অখিল গগৈৰ স্পষ্ট অভিযোগ চৰকাৰ আৰু আৰক্ষীৰ পৃষ্ঠপোষকতাতে গঢ় লৈ উঠিছে এই ভয়ানক কাৰবাৰ। আৰক্ষীক চুপাৰী মাফিয়াৰ নামসহ অভিযোগ দিয়াৰ পিছতো আজিলৈ কিয় গোচৰ পঞ্জীয়ন নকৰিলে তাক লৈ প্ৰশ্ন অখিল গগৈৰ। চুপাৰীৰ এই ট্ৰাকেৰেই অস্ত্ৰ শস্ত্ৰ সৰবৰাহ হোৱাৰো এক তথ্য আছে বুলি কৰে গগৈয়ে। সকলো কথা আৰক্ষী তথা ৰাজ্যৰ সকলো বিভাগক জনোৱাৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰে আজিলৈ এটা চকুত লগা ধৰণে পদক্ষেপ নোলোৱাৰ অভিযোগ তুলি ক্ষোভ উজাৰে কৃষক নেতাগৰাকীয়ে। এই চিণ্ডিকেটত লগত অসম কৃষি বিপনন পৰিষদ বিভাগ জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। ইফালে দীপাংকৰ দে, আব্দুল হান্নান আলী, অঞ্জন পাল আৰু ৰবিউল ইছলাম নামৰ চুপাৰী মাফিয়াই বৰ্তমানো গুৱাহাটীৰ মাজমজিয়াৰে চুপাৰীৰ বেহা চলাই আছে বুলি সংবাদমেলত মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে। তাৰোপৰি অতিশীঘ্ৰে আৰক্ষী আৰু চৰকাৰে কোনো বিশেষ ব্যৱস্থা নল'লে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ কাষ চাপিব বুলি জনাই গগৈয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.