ETV Bharat / state

উচ্চ ন্যায়ালয়ৰ গোচৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি - শুনানি

মঙলবাৰেও ন্যায়ালয়ৰ গোচৰ তালিকাত স্থান নাপালে অখিল গগৈৰ শুনানিয়ে । যাৰ বাবে আশাহত হৈছে ৰাইজৰ দলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি ।

উচ্চ ন্যায়ালয়ৰ গোচৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি

author img

By

Published : Jan 5, 2021, 3:36 PM IST

Updated : Jan 5, 2021, 4:16 PM IST

গুৱাহাটী, 5 জানুৱাৰী: সম্ভৱ হৈ নুঠিল অখিল গগৈৰ মুক্তি । মঙলবাৰেও ন্যায়ালয়ৰ গোচৰ তালিকাত স্থান নাপালে অখিল গগৈৰ শুনানিয়ে । যাৰ বাবে আশাহত হৈছে ৰাইজৰ দলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি । সকলোৱেই আশা কৰিছিল মৰাণ অধিবেশনৰ পূৰ্বে মুকলি আকাশৰ তললৈ আহিব নেতা গৰাকী । বিশাল সমদলেৰে অধিবেশন স্থলীলৈ আগুৱাই নিব তেওঁলোকৰ ভাবী সভাপতি গৰাকীক । কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি মঙলবাৰেও উচ্চ ন্যায়ালয়ৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি ।

উচ্চ ন্যায়ালয়ৰ গোচৰ তালিকাত নাহিল অখিল গগৈৰ শুনানি
অৱশ্যে ইয়াক লৈ শংকিত নহয় কৃষক মুক্তি অথবা ৰাইজৰ দল । অৱশ্যে কাৰাগাৰত থাকিলেও অখিল গগৈয়েই মৰাণ অধিবেশনত ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব বুলি সাংবাদিকক জনালে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক জিতুল ডেকাই । ডেকাৰ মতে,ন্যায়ালয়ৰ ওপৰত তেওঁলোকৰ পূৰ্ণ আস্থা আছে । অখিল গগৈয়েই হ'ব তেওঁলোকৰ সভাপতি । অখিল গগৈৰ নেতৃত্বতেই ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজৰ দল । কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব নেতাগৰাকীয়ে ।

লগতে পঢ়ক: সোণোৱাল চৰকাৰে আদায় দিব পৰা নাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল

Last Updated : Jan 5, 2021, 4:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.