ETV Bharat / state

শীঘ্ৰেই মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ !

author img

By

Published : Jul 21, 2020, 5:04 PM IST

Updated : Jul 22, 2020, 4:34 PM IST

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে থকা দুটা গোচৰত জামিন লাভ কৰিলেই মুকলি আকাশৰ তলত আহিব কৃষক নেতা গৰাকী । ইতিমধ্যে সকলো গোচৰত জামিন লাভ কৰা অখিক গগৈৰ বিৰুদ্ধে চাবুৱা আৰু চান্দমাৰী থানাৰ দুটা গোচৰত জামিন লাভ কৰিব বাকী আছে । চাবুৱা আৰু চান্দমাৰী থানাৰ গোচৰ দুটা পৰৱৰ্তী সময়ত নিয়াৰ হাতত অৰ্পণ কৰা হৈছিল ।

শীঘ্ৰেই মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ !
শীঘ্ৰেই মুক্ত আকাশৰ তললৈ আহিব অখিল গগৈ !

গুৱাহাটী, 21 জুনঃ শীঘ্ৰেই মুকলি আকাশৰ তলত অহাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে কৃষক নেতা অখিল গগৈৰ ৷ অখিল গগৈৰ বিৰুদ্ধে থকা প্ৰায় কেইটা গোচৰতেই জামিন লাভ কৰিছে নেতাজনে ৷ এতিয়া চাবুৱা আৰু চান্দমাৰী থানাত থকা গোচৰ দুটাতহে জামিন পাবলৈ বাকী আছে নেতা জনে ৷

অখিল গগৈৰ বিৰুদ্ধে চান্দমাৰী থানাত থকা ১৩/২০১৯ নং গোচৰৰ জামিন আবেদনৰ শুনানী মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৷ চান্দমাৰী থানাৰ ১৩/২০১৯ নং গোচৰটো পৰৱৰ্তী সময়ত নিয়াৰ হাতলৈ অৰ্পণ কৰা হৈছিল ৷ সেয়ে মঙলবাৰৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধান শাখা চমুকৈ নিয়াৰ আদালতত আৰম্ভ হয় গোচৰটোৰ শুনানি ৷ অখিল গগৈৰ হৈ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰ আৰু শান্তনু বৰঠাকুৰে শুনানিত অংশগ্ৰহণ কৰিছে ৷

উল্লেখ্য যে,চান্দমাৰী থানাৰ ১৩/২০১৯ নং গোচৰত ইতিমধ্যে মানস কোঁৱৰ,বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ উক্ত গোচৰত অখিল গগৈয়ে বুধবাৰে জামিন লাভ কৰাৰ আশা প্ৰকট কৰিছে অখিলৰ অধিবক্তাই ৷

উল্লেখ্য যে,কাৰাবন্দী "নাগৰিকত্ব সংশোধনী আইন" বিৰোধী আন্দোলনৰ অন্যতম মুখ্য নেতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ বৰ্তমান কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ অখিলৰ অধিবক্তাই জানিবলৈ দিয়ে যে চিকিৎসাধীন অখিল গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থ ৷

লগতে পঢ়কঃ আৱাসিক এলেকাত কোভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

Last Updated : Jul 22, 2020, 4:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.