ETV Bharat / state

নগা দুৰ্বৃত্তৰ ভাবুকিত তিস্তিব নোৱাৰিলে অ' এন জি চি - ONGC LIFTS OIL FIELDS

সৰুপথাৰৰ উৰিয়ামঘাটত এতিয়াও নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । নগা দুৰ্বৃত্তৰ ভাবুকিত অ' এন জি চিয়ে উঠাই নিলে তৈলখাদ ।

ONGC lifts oil fields under threat from Naga miscreants in Sarupathar
নগা দুৰ্বৃত্তৰ ভাবুকিত অ' এন জি চিয়ে উঠাই নিলে তৈলখাদ ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 7:33 PM IST

সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । যাক লৈ এতিয়া সমগ্ৰ অসম-নাগালেণ্ড সীমন্তৱৰ্তী সৰুপথাৰ সমজিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বি চেক্টৰৰ হালধিবাৰী লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰী বামচুকত খাৰুৱা তেলৰ সন্ধানত অ' এন জি চিয়ে এটা ড্ৰিলিং চাইড স্থাপন কৰিছিল । সম্প্ৰতি নগাৰ চকু পৰিছে অসমৰ মাটিত থকা উক্ত তৈলক্ষেত্ৰত ।

নগা দুৰ্বৃত্তৰ ভাবুকিত অ' এন জি চিয়ে উঠাই নিলে তৈলখাদ ! (ETV Bharat Assam)

প্ৰায় পাঁচমাহ পূৰ্বে নতুনকৈ স্থাপন কৰা উক্ত তৈলখাদটোৰ পৰা নগা দুৰ্বৃত্তই বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি অভিযোগ উঠিছে । যাৰ পৰিপ্ৰেক্ষিতত ড্ৰিলিঙৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই উক্ত স্থানৰ পৰা ৰিগটো স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে অ' এন জি চি কৰ্তৃপক্ষ । সমগ্ৰ বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হালধিবাৰী লাচিত আঞ্চলিক গাঁওপ্ৰধান সন্থাৰ সম্পাদক তথা ডিমৰুজান গাঁৱৰ গাঁওবুঢ়া মনু কোঁৱৰে ।

উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে অসম-নাগালেণ্ড সীমান্তত অসমৰ ভূমিত নগাই পেট্ৰল পাম্প নিৰ্মাণ কৰাক লৈ সমগ্ৰ অঞ্চলটোতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্ন দল-সংগঠনে । তাৰ পিছতো সীমান্তৱৰ্তী উৰিয়ামঘাটত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস চলি আহিছে । বৰ্তমান পুনৰ উক্ত ঘটনাক লৈ সীমান্ত অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি হৈছে । নগা দুৰ্বৃত্তৰ ভয়-ভাবুকিত সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ পৰা নতুনকৈ স্থাপন কৰা তৈলখাদ উঠাই নিবলৈ বাধ্য হৈছে অ' এন জি চি কৰ্তৃপক্ষ ৷

উক্ত ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শিৱাশীষ শৰ্মাই । তেওঁ কয়, "সীমান্তৰ সুৰক্ষাত নিয়োজিত চি আৰ পি এফ, চি আই এছ এফ থকাৰ পিছতো নগা দুৰ্বৃত্তৰ ভয়ত তৈলখাদ উঠাই নিবলৈ বাধ্য হৈছে অ' এন জি চি কৰ্তৃপক্ষই । উক্ত তৈলখাদসমূহত অসমৰ বহু যুৱক কৰ্মত নিয়োজিত হৈ আছে । এনেদৰে যদি সীমা সমস্যাৰ বাবেই তৈলখাদসমূহত নগাই ভাবুকি দি বন্ধ কৰে তেন্তে বহু যুৱকে সংস্থাপন হেৰুৱাবলগীয়া হ'ব । গুৰুত্বপূৰ্ণ কথাটো হৈছে যে নগা দুৰ্বৃত্তই তৈলখাদৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবীৰ অভিযোগ উত্থাপন হৈ আহিছে ।"

লগতে পঢ়ক: অপৰাধীৰ দৰে নগাৰ হাতত বন্দী হৈ কি চুক্তি কৰিলে অসম আৰক্ষীয়ে ? - NAGA MISCREANTS ATTACK ASSAM POLICE

এইবাৰ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসম আৰক্ষী; আবদ্ধ আৰক্ষীৰ দলক উদ্ধাৰ - ASSAM POLICE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.