ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মহানগৰীত প্ৰতিবাদ - অখিল গগৈ

মহানগৰীৰ নাৰেংগীত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইন, EIA 2020 বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

AJYCP Protest guwahati kamrup metro assam etv bharat news
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী
author img

By

Published : Aug 17, 2020, 3:35 PM IST

গুৱাহাটী,17 আগষ্ট: কৰ’ণা ভাইৰাছৰ বাবে বিগত চাৰি মাহে ৰাজ্যত স্তব্ধ হৈ ৰৈছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ কিন্তু এই সংক্ৰমণ কিছু পৰিমাণে শাম কটাত পুনৰ গা কৰি উঠিছে এই আন্দোলনে ৷ বিগত কিছুদিনৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপৰিও বিভিন্ন সৰু-বৰ সংগঠনে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সেই একেই দাবীকে উত্থাপন কৰি ৰাজ্যত সোমবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী

সংগঠনটোৰ মহানগৰ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে EIA 2020 প্ৰত্যাহাৰ কৰাৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷ সংগঠনটোৱে মহানগৰীৰ নাৰেংগীৰ কলংপাৰ বজাৰৰ সমীপত মানৱ শৃংখল প্ৰদৰ্শনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে ফ্লেগ, বেনাৰ আদি লৈ চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

লগতে চাওকঃ প্ৰাপ্য লাভৰ দাবীত মুছলপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.