ETV Bharat / state

Ziaur Rahman slams Pabitra Margherita: পবিত্ৰ মাৰ্ঘেৰিটাই ৰুচিবোধহীন মন্তব্য কৰিছে: জিয়াউৰ ৰহমান

author img

By

Published : May 6, 2023, 10:30 PM IST

Updated : May 6, 2023, 10:36 PM IST

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ এক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰোধী ঐক্যৰ মাজত । সাংসদগৰাকীৰ এই মন্তব্যকলৈ সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ । AJP ৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে তীক্ষ্ণ সমালোচনাৰে থকা-সৰকা কৰে সাংসদ প্ৰবিত্ৰ মাৰ্ঘেৰিটাক(AJP react on comment of mp Pabitra Margherita) ।

AJP react on comment of mp Pabitra Margherita
পবিত্ৰ মাৰ্ঘেৰিটাই ৰুচিবোধহীন মন্তব্য কৰিছে: জিয়াউৰ ৰহমান

গুৱাহাটী,৬ মে': সাংসদ পবিত্র মাৰ্ঘেৰিটাৰ মন্তব্যকলৈ জাঙুৰ খাই উঠিছে বিৰোধী ঐক্য । কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা দলসমূহক এন জি অ’ আৰু ক্লাবৰ লগত তুলনা কৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল সাংসদ পবিত্র মাৰ্ঘেৰিটাই (MP Pabitra Margherita on Congress alliance) । সাংসদগৰাকীৰ এই মন্তব্যকলৈ সৰৱ হৈ পৰিছে বিৰোধী ঐক্যৰ অংশীদাৰ অসম জাতীয় পৰিষদ দল চমুকৈ এজেপি (AJP react on comment of mp Pabitra Margherita) ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজেপিৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় যে পবিত্র মাৰ্ঘাৰিটাই ৰাজনৈতিক ৰুচিবোধ নথকা শব্দ ব্যৱহাৰ কৰিছে । সাংসদগৰাকীয়ে অসম জাতীয় পৰিষদক ভৃত্য বুলি কৈছে । এগৰাকী সাংসদৰ মুখত এনে ৰুচিবোধহীন বক্তব্য শোভা নাপায় । তেওঁ বিজেপিৰ ইতিহাস উল্লেখ কৰি কয় যে বিজেপিয়ে যেতিয়া মুছলিম লীগৰ লগত মিত্রতা কৰিছিল তেতিয়া বিজেপিক ভৃত্য বুলি কোৱা হোৱা নাছিল (Ziaur Rahman slams Pabitra Margherita) ।

পিডিপিৰ লগত মিত্রতা কৰাৰ সময়তো বিজেপিক ভৃত্য বুলি কোৱা হোৱা নাছিল । সেইদৰে অগপৰ লগত মিত্রতা কৰা বিজেপিক অগপৰ ভৃত্য বুলি কোৱা হোৱা নাছিল । আচলতে এইবোৰ ৰুচিবোধহীন তথা মূল্যবোধহীন বক্তব্য (AJP react on Pabitra Margherita remarks) । তেওঁ লগতে পবিত্র মাৰ্ঘেৰিটা কোন, তেওঁৰ উপাধিটো কি বুলি প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্রীৰ প্ৰিয়পাত্র হ’বৰ বাবে পবিত্র মাৰ্ঘেৰিটাই নিজৰ উপাধিটো কাটি দিলে । পবিত্র মাৰ্ঘেৰিটা অসহিষ্ণু বুলি উল্লেখ কৰি তেওঁ কয় যে শিৱিৰ সলনি কৰা পবিত্র মাৰ্ঘেৰিটাক আমি ভৃত্য বুলি কোৱা নাই ।

পবিত্র মাৰ্ঘেৰিটাৰ বক্তব্য অতি নিন্দনীয় । এজেপিয়ে জাতীয় দায়িত্ববোধ পালনৰ স্বাৰ্থত আৰু বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বিৰোধীৰ ঐক্যত চামিল হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে ভৃত্য মানসিকতাৰ লোকে নৈতিকতাবিহীন ৰাজনীতি কৰি ক্ষমতা লাভ কৰাৰ পাচত আনক ভৃত্য দেখে । পবিত্র মাৰ্ঘেৰিটাৰ অভিযোগ খণ্ডন কৰি তেওঁ কয় যে 'কা' আন্দোলনৰ সময়ত বিজেপিয়ে তেওঁলোকৰ এজেণ্ট এৰি দিছিল আৰু সেই এজেণ্টবোৰে বিভিন্ন ঠাইত চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ কাম কৰিছিল (Controversial comment of Pabitra Margherita) ।

তেওঁ কয় যে কংগ্ৰেছৰ লগত এজেপিৰ আদৰ্শগত পাৰ্থক্য আছে আৰু থাকিব যদিও একমাত্র বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী ঐক্যত মিলিত হৈছো । কংগ্ৰেছতকৈ বিজেপিৰ পাপৰ পৰিমাণ বেছি বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি দল কংগ্ৰেছতকৈ ডাঙৰ শত্ৰু । তেওঁ লগতে কয় যে পবিত্র মাৰ্ঘেৰিটাই এ আই ইউ ডি এফৰ ভোট পাই ৰাজ্যসভাৰ সাংসদ হৈছে । বিজেপি আৰু এ আই ইউ ডি এফৰ বুজাবুজি নতুন নহয় বুলিও তেওঁ সদৰী কৰে । এনে ৰুচিবোধহীন মন্তব্যৰে মুখ্যমন্ত্রী ৰাজনৈতিক সচিবৰ দায়িত্বত থকা সাংসদ পবিত্র মাৰ্ঘেৰিটাই মুখ্যমন্ত্রীক কি পৰামৰ্শ দিব বুলি তেওঁ প্ৰশ্ন কৰে ।

লগতে পঢ়ক: Erosion in Majuli: মাজুলীৰ ১ নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

Last Updated : May 6, 2023, 10:36 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.