ETV Bharat / state

বিবাহ পাশত আবদ্ধ হ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা - বিবাহ পাশত আবদ্ধ হ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা

মেঘালয়ৰ তুৰা সংসদীয় সমষ্টিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা কে চাংমাই বৃহস্পতিবাৰে তেওঁৰ বাগদত্তা ডা.পেট্ৰিক ৰাংগমা মাৰাকৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয় ।

আগাথা কে চাংমাৰ বিবাহ
author img

By

Published : Nov 21, 2019, 9:07 PM IST

গুৱাহাটী,21 নৱেম্বৰঃ আগাথা কে চাংমা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ অঘিতোষ চাংমাৰ কনিষ্ঠ কন্যা তথা বৰ্তমানৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা তথা গৃহমন্ত্ৰী জেমছ কে চাংমাৰ কনিষ্ঠ ভগ্নী ।উল্লেখ্য যে,অলপতে পূৱ গাৰো পাহাৰ জিলাৰ ৰাজছিমলা গাঁৱত এক অনুষ্টুপীয়া সমাৰোহত বাগদত্তা ডা.পেট্ৰিক ৰাংগমা মাৰাকৰ সৈতে তুৰাৰ ৩৯ বছৰ বয়সীয়া সাংসদ আগাথা চাংমাৰ জোৰোণ সম্পন্ন হোৱাৰ পিছত বৃহস্পতিবাৰে গাৰো পাহাৰ জিলাৰ সৰ্ববৃহৎ কেথলিক গীৰ্জা চেক্ৰেট হাৰ্ট শ্বাইনত আয়োজন কৰা হয় বিবাহ সমাৰোহৰ। বিবাহ উপলক্ষে মাতৃ সোৰাদিনী চাংমাই কন্যা আগাথাক লৈ গীৰ্জাত উপস্থিত হয়। ইফালে আগাথাৰ জ্যেষ্ঠ ভাতৃ জেমছ চাংমাই সদৰি কৰা মতে,বিবাহৰ অভ্যৰ্থনা আগাথাৰ ৱালবাকগ্ৰে বাসভৱনত আয়োজন কৰা হয় ।

আগাথা কে চাংমাৰ বিবাহ
উল্লেখ্য যে,নতুন দিল্লীত জন্মলাভ কৰা আগাথাই পুণে বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী অৰ্জন কৰিছিল । তেওঁ ব্ৰিটেইনৰ নটিংহম বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিতৃ পূৰ্ণ অঘিতোষ চাংমাই ৰাজ্যৰ ৰাজনীতিত যোগদান কৰাৰ পিছত আগাথা কে চাংমাই প্ৰথমবাৰ ২০০৮ চনত তুৰা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত তেওঁ ২০০৯ চনৰ নিৰ্বাচনত ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী(এনচিপি)ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি সফলতা অৰ্জন কৰাই নহয়,কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী ড. মনমোহন সিং নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা(ইউপিএ)ৰ দ্বিতীয়টো কাৰ্যকালত আটাইতকৈ কনিষ্ঠ যুৱ মন্ত্ৰী হিচাপেও অন্তৰ্ভুক্ত হয়। আগাথাৰ স্বামী ডা. পেট্ৰিক ৰাংগমা মাৰাক ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ। সম্প্ৰতি ডা.পেট্ৰিকে শ্বিলঙত উত্তৰ পূৱ ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য তথা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(এন ই আই জি আৰ আই এইচ এম এছ)ত এগৰাকী আৱাসিক চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে ।উল্লেখ্য যে,নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিয়, উপ মুখ্যমন্ত্ৰী ইয়ানথুংগু পাট্টম,পত্নী ৰিণিকি ভূঞাসহ অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও কেইবাখনো ৰাজ্যৰ মন্ত্ৰী,ৰাজনেতা তথা আমোলাই অংশগ্ৰহণ কৰে আগাথা কে চাংমাৰ এই বিবাহ সমাৰোহত ।

লগতে পঢ়কঃগছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

Intro:বাগদত্তা ডা. পেট্ৰিকৰ সৈতে বিবাহ পাশত আৱদ্ধ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অগাথা চাংমাBody:মেঘালয়ৰ তুৰা সংসদীয় সমষ্টিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অগাথা কে চাংমাই আজি বৃহস্পতিবাৰে তেঁওৰ বাগদত্তা ডা. পেট্ৰিক ৰাংগমা মাৰাকৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ হয়। অগাথা কে চাংমা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ অঘিতোষ চাংমাৰ কনিষ্ঠ কন্যা তথা বৰ্তমানৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা তথা গৃহমন্ত্ৰী জেমছ কে চাংমাৰ কনিষ্ঠ ভগ্নী।
উল্লেখ্য যে অলপতে পূৱ গাৰো পাহাৰ জিলাৰ ৰাজছিমলা গাঁৱত এক অনুষ্টুপীয়া সমাৰোহত বাগদত্তা ডা পেট্ৰিক ৰাংগম মাৰাকৰ সৈতে তুৰাৰ ৩৯ বছৰ বয়সীয়া সাংসদ অগাথা চাংমাৰ জোৰণ সম্পন্ন হোৱাৰ পিছত আজি বিবাহ সমাৰোহ গাৰো পাহাৰ জিলাৰ সৰ্ববৃহৎ কেথলিক গীৰ্জা চেক্ৰেট হাৰ্ট শ্বাইনত আয়োজন কৰা হয়। বিবাহ উপলক্ষে মাতৃ সোৰাদিনী চাংমাই কন্যা অগাথাক লৈ গীৰ্জাত উপস্থিত হয়। ইফালে অগাথাৰ জ্যেষ্ঠ ভাতৃ জেমছ চাংমাই সদৰি কৰামতে, বিবাহৰ অভ্যৰ্থনা অগাথাৰ ৱালবাকগ্ৰে বাসভৱনত আয়োজন কৰা হৈছে।
উল্লেখ্য যে নতুন দিল্লীত জন্মলাভ কৰা অগাথাই পূণে বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী অৰ্জন কৰিছিল। তেঁও ব্ৰিটেইনৰ নাটিংহম বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। প্ৰণিধানযোগ্য যে পিতৃ পূৰ্ণ অঘিতোষ চাংমাই ৰাজ্যৰ ৰাজনীতিত যোগদান কৰাৰ পিছত অগাথা কে চাংমাই প্ৰথমবাৰ ২০০৮ চনত তুৰা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত তেঁও ২০০৯ চনৰ নিৰ্বাচনত ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি(এনচিপি)ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি সফলতা অৰ্জন কৰাই নহয়, কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী ড. মনমোহন সিং নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা(ইউপিএ)ৰ দ্বিতীয়টো কাৰ্যকালত আটাইতকৈ যুৱ মন্ত্ৰী হিচাপেও অন্তৰ্ভূক্ত হয়। অগাথাৰ স্বামী ডা. পেট্ৰিক ৰাংগমা মাৰাক ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ। সম্প্ৰতি ডা. পেট্ৰিকে শ্বিলঙত উত্তৰ পূৱ ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য তথা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(এনইআইজিআৰআইএইচএমএছ)ত এগৰাকী আৱাসিক চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে।
উল্লেখ্য যে অগাথা কে চাংমাৰ আজিৰ এই বিবাহ সমাৰোহত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিয়ো ৰিয়ো, উপ মুখ্যমন্ত্ৰী ইয়ানথুংগু পাট্টম, পত্নী ৰিনিকি ভূঞাসহ অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও কেবাখনো ৰাজ্যৰ মন্ত্ৰী, ৰাজনেতা তথা আমোলাই অংশগ্ৰহণ কৰে।

Asrar Ansari
GuwahatiConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.