ETV Bharat / state

নিমিষতে কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ - Guwahati

গেমন ইণ্ডিয়াৰ দায়িত্বজ্ঞানহীনতাৰ বাবে নিমিষতে ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ। অৰ্ধনিৰ্মিত পানীৰ পাইপ ফাটি,ৰাজপথত সৃষ্টি হয় কৃত্ৰিম বানৰ |

ADABARI FLOOD SITUATION
নিমিষতে কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ
author img

By

Published : Nov 4, 2020, 6:49 AM IST

গুৱাহাটী,4 নৱেম্বৰ: মঙলবাৰে মহানগৰীৰ আদাবাৰীত হঠাৎ সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি। গেমন ইণ্ডিয়াৰ দায়িত্বজ্ঞানহীনতাৰ বাবে নিমিষতে ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ। সুদীৰ্ঘ দিন ধৰি পানী পৰিবাহী পাইপ অৰ্ধনিৰ্মিত ভাৱে পেলাই ৰখাৰ বাবে হঠাৎ পানীৰ পাইপ ফাটি,ৰাজপথত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ পূৰ্বতেও গেমন ইণ্ডিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পাল মৰা কামৰ বাবে মহানগৰীৰ সাধাৰণ লোকে এনে সমস্যাৰ সন্মুখীন হৈ আহিছিল।

ADABARI FLOOD SITUATION
নিমিষতে কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ

ইফালে ফাটি যোৱা পাইপেৰে ইমান ওপৰলৈ পানী চিটিকি পৰিছে যে, ওচৰত থকা কেইবাখনো দোকানত পানী সোমায় দোকানৰ বিভিন্ন সা-সামগ্ৰী পানীত নষ্ট হয় । তাৰোপৰি মুহূৰ্ততে ব্যাহত হৈ পৰিল যানবাহনৰ চলাচল,যাৰ ফলত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷ কেইবা ঘন্টা ধৰি পাইপেৰে পানী ওলোৱাৰ ফলতেই কৃত্ৰিম বানৰ সৃষ্টি অঞ্চলটোত । ঘটনাস্থলীত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হয় যদিও সম্পূৰ্ণৰূপে পাইপ মেৰামতি কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখযোগ্য যে গেমন ইণ্ডিয়াৰ দায়িত্বজ্ঞানহীনতাৰ বাবে পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ ঘটনা ।

লগতে পঢ়ক: ঋনৰ দাতাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়ে আত্মহত্যা কৰিছিল তুলসীবিলৰ পৰিয়ালটোৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.