ETV Bharat / state

কিয় খং উঠিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ?

এটা সংবাদ মাধ্যমযোগে ব্যংগাত্মকভাৱে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে "অসম জাতীয় পৰিষদ" দলৰ হৈ যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ চিন্তা কৰিছে প্ৰচাৰ হোৱা বাতৰিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অভিনেত্ৰী গৰাকীয়ে ৷ তেওঁৰ পৰা কোনো ধৰণৰ মত নোলোৱাকৈ প্ৰচাৰ কৰা এনে বাতৰিয়ে তেওঁলোকৰ সামাজিক জীৱনত যথেষ্ট ক্ষতিসাধন কৰিছে বুলি উল্লেখ কৰে তেওঁ ৷

অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ
author img

By

Published : Sep 24, 2020, 12:59 PM IST

Updated : Sep 24, 2020, 1:54 PM IST

গুৱাহাটী, 24 ছেপ্তেম্বৰ: এটা সংবাদ মাধ্যমৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ "অসম জাতীয় পৰিষদ" দলৰ হৈ যোৰহাটৰ পৰা অভিনেত্ৰী গৰাকীয়ে নিৰ্বাচন খেলাৰ চিন্তা কৰিছে বুলি ব্যংগাত্মকভাৱে এটা বাতৰি প্ৰকাশ কৰিছিল সেই বিশেষ সংবাদ মাধ্যমটোৱে ৷ পিচলৈ দলটোৰ নেতৃত্বই সেই কথা অস্বীকাৰ কৰা বুলিও উল্লেখ কৰে সংবাদ মাধ্যমটোৱে ৷ এনে কিছুমান বিষয়ক লৈ সৰৱ হৈ পৰে অভিনেত্ৰী গৰাকী ৷

এটা সংবাদ মাধ্যমৰ বাতৰিক লৈ ক্ষোভ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, "এটা সংবাদ মাধ্যমৰ কিছুমান সামাজিক দায়বদ্ধতা আছে ৷ সেই দায়বদ্ধতাসমূহ নামানি আমাৰ লগত কোনো ধৰণৰ কথা নপতাকৈ ভিত্তিহীনভাৱে কিছুমান বাতৰি প্ৰচাৰ কৰাটোৱে আমাৰ সামাজিক জীৱনত যথেষ্ট ক্ষতিসাধন কৰিছে ৷" তেওঁ ইয়াৰোপৰি কয় যে, তেওঁৰ কোনোদিনেই প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ কোনো ধৰণৰ আগ্ৰহ নাই বুলি কোৱাৰ পাচতো তেওঁৰ কোনো ধৰণৰ মত অবিহনেই সেই সংবাদ মাধ্যমযোগে বাতৰিটো প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ম্যানমাৰৰ চালানী মাছে বিপদ মাতিছে থলুৱা মৎস্য পালকলৈ

Last Updated : Sep 24, 2020, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.