ETV Bharat / state

অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ

কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত এক হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । শূন্য় দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল অৱদেশ যাদৱ নামৰ এজন ব্যৱসায়ীক । অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল হত্যাকাৰী পংকজ কুমাৰক (Accused of Awadesh Yadavs murder arrest) ।

author img

By

Published : Mar 15, 2022, 1:27 PM IST

Accused of Awadesh Yadavs murder arrest from Bihar
অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ

গুৱাহাটী, ১৫ মাৰ্চ: ২১ ফেব্ৰুৱাৰী, সন্ধিয়া প্ৰায় ৮.৩০ বজাত ছাত্ৰীবাৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । নিজ এপাৰ্টমেণ্টৰ সন্মুখত মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল অৱদেশ যাদৱ নামৰ ব্যৱসায়ীগৰাকীক । অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যাদৱৰ হত্যাকাৰী পংকজ কুমাৰক (Accused of Awadesh Yadavs murder arrest) ।

উল্লেখ্য যে, ধৃত পংকজে গুৱাহাটীলৈ আহি গুলীয়াইছিল ব্যৱসায়ী অৱদেশক । গুৰুত্বপূৰ্ণ কথা যে, ডব্লিউ যাদৱৰ পৰিকল্পনা মতেই এপাৰ্টমেণ্টৰ সন্মুখত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল অৱদেশক ।

আনহাতে, ঘটনাৰ মাষ্টাৰ মাইণ্ড ডব্লিউ বৰ্তমানেও ক’ত আছে, তাৰ নিশ্চিত তথ্য নাই অসম আৰক্ষীৰ হাতত । ডব্লিউৱে নেপালত আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে । CCTV ৰ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে পংকজ কুমাৰক ।

লগতে পঢ়ক: আজিৰে পৰা আৰম্ভ মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.