ETV Bharat / state

মাতৃভাষা সন্দৰ্ভত ছেবাৰ লগত আলোচনাত বহিল আছু - ক’ভিড

মঙলবাৰে মাতৃভাষা সন্দৰ্ভত ছেবাৰ শেহতীয়া জাননীক লৈ ছেবা কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ৷ ছেবাৰ অধীনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা অধ্যয়ন নকৰাকৈ যাতে থাকিবলগীয়া নহয় তাৰ দাবী জনাই জাতীয় সংগঠনটোৱে ৷

aasu  seba meet
মাতৃভাষা সন্দৰ্ভত SEBA ৰ লগত আলোচনাত বহিল আছু
author img

By

Published : Apr 20, 2021, 10:49 PM IST

গুৱাহাটী,20 এপ্ৰিল: মঙলবাৰে মাতৃভাষা সন্দৰ্ভত ছেবাৰ শেহতীয়া জাননীক লৈ ছেবা কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ৷ মহানগৰীস্থিত ছেবাৰ কাৰ্যালয়ত ছেবাৰ অধ্যক্ষৰ লগত আলোচনাত বহিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ নেতৃত্বাধীন এটি দল ৷

এই আলোচনাত ছেবাৰ অধীনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা অধ্যয়ন নকৰাকৈ যাতে থাকিবলগীয়া নহয় তাৰ দাবী জনাই জাতীয় সংগঠনটোৱে ৷ আছুৱে জনোৱা দাবী অনুসৰি ছাত্ৰ-ছাত্ৰীৰ ক্ষতি নোহোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছেবাক দাবী কৰে ৷ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যথাসময়ত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে আছুৰ দলটোৱে ৷

মাতৃভাষা সন্দৰ্ভত ছেবাৰ লগত আলোচনাত বহিল আছু

আনহাতে, শেহতীয়া কৰ’ণা পৰিস্থিতিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি নাথে কয় যে, ‘চৰকাৰৰ ভুলৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে । চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই এনেকুৱা অৱস্থা হৈছে । চৰকাৰে ক’ভিডৰ কথা পাহৰি কেৱল নিৰ্বাচনৰ কামত ব্যস্ত থাকিল ৷ আগতীয়াকৈ কোনো ব্যৱস্থা নোলোৱাৰ বাবে শোচনীয় অৱস্থা হ’বলৈ গৈ আছে’ বুলি মন্তব্য প্ৰকাশ কৰে আছুৰ সভাপতি দীপাংক নাথে ৷

লগতে পঢ়ক : অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.