ETV Bharat / state

জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ - AAKRS demanding tribalisation

দিছপুৰ প্ৰেছ ক্লাৱত অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবাদমেল (All Assam Koch Rajbongshi Sanmilani press meet)। এইবাৰ জাতিৰ আৱেগত ভোট দিম, ধৰ্মীয় আৱেগত ভোট নিদিও । হিন্দু বাবে আগতে ধৰ্মীয় আৱেগত বিজেপিক ভোট দিছিলো । প্ৰয়োজন হ'লে সকলো ত্যাগ কৰিম । জনজাতিকৰণৰ বিষয়ত আপোচ কৰা নহ'ব ।

AAKRS demanding tribalisation by press meet in Guwahati
জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ
author img

By

Published : Sep 15, 2022, 8:39 PM IST

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: জনজাতিকৰণৰ পৰা পুনৰ বঞ্চিত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে (All Assam Koch Rajbongshi Sanmilani )। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে (AAKRS press meet in Guwahati)।

জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

তেওঁ কয় যে চৰকাৰে কোচ ৰাজবংশীক অৱহেলা কৰি আহিছে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ইচ্ছা নাই চৰকাৰৰ । নিৰ্বাচন আহিলেই আলোচনা কৰে আৰু নিৰ্বাচন গ'লেই খবৰ নাথাকে । নিৰ্বাচনৰ পূৰ্বে দল সংগঠনক মাতি নি প্ৰলোভন দিয়ে চৰকাৰে (AAKRS demanding tribalisation)।

তেওঁ কয় যে ৰাজ্যসভাত বিধেয়ক উত্থাপন হৈছে, গতিকে এতিয়া জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ অনুমতিৰ প্ৰয়োজন নাই । মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্যক তেওঁ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁ লগতে কয় যে এইবাৰ জাতিৰ আৱেগত ভোট দিম, ধৰ্মীয় আৱেগত ভোট নিদিও । হিন্দু বাবে আগতে ধৰ্মীয় আৱেগত বিজেপিক ভোট দিছিলো । উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত থাকিম, কিন্তু প্ৰয়োজন হ'লে সকলো ত্যাগ কৰিম ।

জনজাতিকৰণৰ বিষয়ত আপোচ কৰা নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে জাতিৰ বাবে সকলো কৰিম । জনজাতিকৰণৰ দাবীত পুনৰ বৃহৎ আন্দোলন গঢ়ি তোলাৰ কথা সদৰী কৰি তেওঁ কয় যে নৱেম্বৰ মাহত শ্ৰীৰামপুৰৰ লগতে নাজিৰা, শিমলুগুৰি আৰু ধেমাজিত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।

আনহাতে দিল্লীৰ যন্ত্ৰ-মন্ত্ৰৰতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । প্ৰয়োজন হ'লে তেওঁ সদৌ অসম কোচ ৰাজবংশী কাউঞ্চিলৰ পৰা পদত্যাগ কৰাতকৈয়ো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে । সংবাদমেলত সন্মিলনীৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.