গুৱাহাটী,২৭ অক্টোবৰ : লিংগ পৰিৱৰ্তন ! দেশত শেহতীয়া কেইটামান বছৰত বহু লোকে লিংগ পৰিৱৰ্তন কৰা দেখা গৈছে ৷ অসমতো এতিয়া নতুন নহয় লিংগ পৰিৱৰ্তনৰ প্ৰচেষ্টা ৷ ইতিমধ্যেই অসমীয়া লোকেও sex reassignment surgery ৰ জৰিয়তে সফলতাৰে পৰিৱৰ্তন কৰিছে নিজৰ প্ৰকৃতি প্ৰদত্ত লিংগ ৷ এই বিশেষ অস্ত্ৰোপচাৰৰ কথা যিমানেই সাধাৰণভাৱে পোহৰলৈ আহিছে সিমানেই বহু নতুন যুৱক-যুৱতীৰ মাজত লিংগ পৰিৱৰ্তনৰ চিন্তা-চৰ্চা চলা পৰিলক্ষিত হৈছে ৷
শেহতীয়াকৈ লিংগ পৰিৱৰ্তনৰ চিন্তাই সংঘটিত কৰিছে এক চাঞ্চল্যকৰ ঘটনা ৷ পদ্ধতিগতভাবে লিংগ পৰিৱৰ্তন কৰিব বিচৰা এজন যুৱকে অৰ্থৰ অভাৱত অস্ত্ৰোপচাৰ কৰিব নোৱাৰি আত্মহনৰ পথ বাছি ল’ব লগা হোৱাৰ সন্দেহ কৰা হৈছে ৷ এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগী, হাউচিং কলনীত ৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৰহাট জিলাৰ কমাৰবস্তি নিবাসী জাভেদ আশ্ৰাফুল হক (২৫) নামৰ যুৱক জনে যোৱা ডেৰ বছৰ ধৰি নাৰেংগী হাউচিং কলনীৰ ললিত দাস নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰি আছিল । গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজনে লিংগ সলনি কৰাৰ বাবেই নিজৰ নামটো জাভেদ আশ্ৰাফুল হকৰ পৰা জাবিন আচাৰীয়ালৈ সলনি কৰিছিল ।
জানিব পৰা মতে, পৰিয়ালৰ সন্মতিত জাভেদ আশ্ৰাফুলে লিংগ সলনি কৰাৰ বাবে প্ৰক্ৰিয়াও আৰম্ভ কৰিছিল । কিন্তু বৃহস্পতিবাৰে যুৱকজনে পুৱাৰ ভাগত নিজ কোঠাত চিপ লৈ আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে ব্যাপক ৰহস্যৰ । বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ মান বজাত ভাড়াঘৰৰ এগৰাকী যুৱতীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰি প্ৰথমে ভাড়াঘৰৰ গৰাকীক যুৱকজনে আত্মহত্যা কৰাৰ খবৰ দিয়ে ।
ইয়াৰ পিছতে ভাড়াঘৰৰ গৰাকীয়ে ততালিকে নুনমাটি আৰক্ষীক বিষয়টো অৱগত কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে । মূলত লিংগ পৰিৱৰ্তনৰ বাবে হ’বলগীয়া অস্ত্ৰপ্ৰচাৰৰ বাবে প্ৰয়োজন হোৱা কেইবালাখ টকা যোগাৰ কৰিব নোৱাৰা বাবে যুৱক জনে এতিয়া আত্মহনৰ দৰে ভয়ংকৰ পথ বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : আজিও গ্ৰেপ্তাৰ নহ’ল বনকৰা কিশোৰী হত্যাকাণ্ডৰে জড়িত আৰক্ষী দম্পতী