গুৱাহাটী,২ ছেপ্টেম্বৰ : অচিৰেই সলনি হ’ব ৰাজ্যৰ শিক্ষাখণ্ডৰ ৰেহৰূপ ৷ প্ৰকাৰন্তৰে এই কথা প্ৰকাশ কৰিছে অসমৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম বিধানসভাত শিক্ষামন্ত্ৰী ড৹ শৰ্মাই শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ আলোচনাত নিজৰ ব্যাখ্যা আগবঢ়াই ঘোষণা কৰে যে, ৰাজ্যৰ সকলো উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ৰূপান্তৰিত কৰা হ'ব । ৰাজ্যত নতুন শিক্ষানীতি প্ৰযোজ্য হোৱাৰ পাচত কিছু সাল-সলনি কৰা হ'ব ।
উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰা হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক । প্ৰাক-প্ৰাথমিক বিদ্যালয়সমূহত নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অন্তৰ্ভুক্ত কৰাৰ লগতে ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীক এম. ই শাখাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব । নতুন শিক্ষানীতি কাৰ্যকৰী হ'লেই ৰাজ্যৰ শিক্ষাব্যৱস্থাত এই পৰিৱৰ্তন আহিব । আনহাতে, প্ৰতিটো উন্নয়ন খণ্ডৰ অধীনত একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলিও ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । নতুন শিক্ষানীতি সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ গঠন কৰা টাস্ক ফ'ৰ্চে অহা ডিচেম্বৰ মাহত নিজৰ মতামত প্ৰকাশ কৰিব । স্থাপনৰ সময়ৰ ওপৰত ভিত্তি কৰি নহয়, প্ৰয়োজন সাপেক্ষেহে শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক : বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল