ETV Bharat / state

১৪ ডিচেম্বৰৰ পৰা ৰাজ্যত চলিব স্থানীয় যাত্ৰীবাহী ৰে'ল

author img

By

Published : Dec 13, 2020, 3:27 AM IST

উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মুঠ ৭খনকৈ বিশেষ ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । নতুনকৈ চলিবলগীয়া এই ৰে'লসমূহত পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতে যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব ৷

new rail in guwahati
new rail in guwahati

গুৱাহাটী, 13 ডিচেম্বৰ : কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা ৰে'ল সেৱা এতিয়া পৰ্যায়ক্ৰমে স্বাভাৱিক কৰাৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে । সেই অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মুঠ ৭খনকৈ বিশেষ ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অহা ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত চলিব বিশেষ যাত্ৰীবাহী ৰে'ল । ২৫ ডিচেম্বৰৰ পৰা লামডিং-আলিপুৰদুৱাৰ জংচন ইন্টাৰচিটি এক্সপ্ৰেছৰ চলাচল আৰম্ভ হ'ব ।

১৪ ডিচেম্বৰৰ পৰা ৰাজ্যত চলিব স্থানীয় যাত্ৰীবাহী ৰে'ল

একেদৰে কাটিহাৰ-শিলিগুৰি জংচন ইন্টাৰচিটি এক্সপ্ৰেছ, আলিপুৰদুৱাৰ জংচন-বামনহাট যাত্ৰীবাহী বিশেষ ৰে'ল, শিলিগুৰি জংচন-বামনহাট যাত্ৰীবাহী বিশেষ, মালডা টাউন-বালুৰঘাট যাত্ৰীবাহী বিশেষ, আলিপুৰদুৱাৰ-বামনহাট যাত্ৰীবাহী ৰে'লৰ যাত্ৰা আৰম্ভ হ'ব । এই কথা ইটিভি ভাৰতক জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই । ইফালে নতুনকৈ চলিবলগীয়া এই ৰে'লসমূহত পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতে যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব বুলিও উল্লেখ কৰে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : বিটিচি নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.