ETV Bharat / state

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী - শংকৰদেৱৰ জন্মোৎসৱ

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ(Srimanta Sankardev)ৰ জন্ম জয়ন্তী(Birth Anniversary) ৷ গুৰুজনাৰ জন্ম জয়ন্তী (Sankardev Janmotsav) উপলক্ষে প্ৰদীপৰ আলোকেৰে দৃষ্টিনন্দন হৈ পৰাৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰসমূহ ৷

birth anniversary of srimanata sankardev
শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী
author img

By

Published : Oct 15, 2021, 8:55 AM IST

Updated : Oct 15, 2021, 9:07 AM IST

নিউজ ডেস্ক, 15 অক্টোবৰ : অসমীয়া বৈষ্ণৱ ধৰ্মৰ সৃষ্টিকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ(Srimanta Sankardev)ৰ আজি আবিৰ্ভাৱ তিথি(Birth Anniversary) ৷ গুৰুজনাৰ 573 সংখ্যক জন্ম জয়ন্তী মহোৎসৱ(Sankardev Janmotsav)ত গুৰুজনাৰ বন্দনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য ৷ প্ৰদীপৰ আলোকেৰে দৃষ্টিনন্দন হৈ পৰিব শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ লগতে গুৰুজনাই স্থাপন কৰা বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, মাজুলীৰ সত্ৰসমূহ ৷

প্ৰতিবছৰে সত্ৰ, নামঘৰৰ উপৰিও বিভিন্নজনে ব্যক্তিগতভাৱেও মাহ-প্ৰসাদ বিতৰণ কৰি আনন্দ-উল্লাসৰ গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন কৰা হয় । অৱশ্যে কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবেলিও অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব মহাপুৰুষগৰাকীৰ জন্ম জয়ন্তী ৷ সীমিত সংখ্যক ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰসমূহ ৷

ধৰ্মীয় ইতিহাসৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৷ অসমীয়া সমাজ জীৱনত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰাৰ লগতে সংগীতৰ অন্য এক ৰূপ বৰগীত, অংকীয়া নাট, ভাওনা, সত্ৰীয়া নৃত্য আদিৰ আৱিস্কাৰ কৰিছিল মহাপুৰুষ জনাই ৷ মহাপুৰুষ জনাই ৰচনা কৰা ব্ৰজাৱলী ভাষাৰ বহু নাম-কীৰ্তন অসমীয়া সমাজৰ সৰ্বত্ৰে বিয়পি পৰে ৷

সম্পূৰ্ণ সাত্ত্বিক তথা আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰি এনেদৰে ৰাজ্যত বৈষ্ণৱ নামৰ এক নতুন ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল শংকৰ গুৰুৱে ৷

লগতে পঢ়ক : বৰপেটাৰোডত বৃহৎ জাপিৰ আকৃতিৰ পূজা মণ্ডপ

Last Updated : Oct 15, 2021, 9:07 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.