গুৱাহাটী , ১৩ মাৰ্চ : মঙলবাৰে পেট্ৰল পাম্পত ডকাইতিকৰিব আহি মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিল ৩ জন যুৱক । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠ চাৰিআলিৰ সমীপৰ ৰাজ চাৰ্ভিছ ষ্টেচনৰ কেচত থকা টকা লৈ পলায়ন কৰিবলৈ লওতেইআটক কৰা হয় যুৱক কেইজনক ।
তথ্য অনুসৰি মঙলবাৰে ৩ জন যুৱকে AS13E 9000 নম্বৰৰ চিয়াজ বাহনলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠ চাৰিআলিৰ সমীপৰ ৰাজ চাৰ্ভিছ ষ্টেচনত প্ৰৱেশ কৰে । তেনে সময়তে যুৱক কেইজনে অতৰ্কিতে কেচ কাউণ্টাৰত প্ৰৱেশ কৰি কেচত থকা টকা লৈ উধাও হ'ব খোজোতে পেট্ৰল পাম্পত কৰ্মৰত তিনিজন কৰ্মচাৰীৰ তৎপৰতাত আটক কৰা হয় যুৱক কেইজনক । পৰৱৰ্তী সময়ত পেট্ৰল পাম্প কতৃপক্ষই ধৃত যুৱক কেইজনক বশিষ্ঠআৰক্ষীক গটাই দিয়ে । ধৃত যুৱক কেইজন ক্ৰমে প্ৰাঞ্জল হাদি, ধীৰাজ নাথ আৰু নাজিমুদ্দিন আহমেদ । ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে পেট্ৰ'ল পাম্প কতৃপক্ষৰ এজাহাৰৰ ভিত্তিত ৩৯০/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।