ETV Bharat / state

অসমত ঘণ্টাত গড়ে দুজন ক'ভিড ৰোগীৰ মৃত্যু

author img

By

Published : May 7, 2021, 1:45 PM IST

অসমত বিগত ২৪ ঘণ্টাত ৪৬ গৰাকী লোকে ক'ভিডত প্ৰাণ হেৰুৱালে । ইয়াৰে ১৩ গৰাকী ৰোগী কামৰূপ মহানগৰ জিলাৰ বুলি জানিব পৰা গৈছে । বুধবাৰৰ দিনটোত ৫৫ গৰাকী লোকৰ ক'ভিডত মৃত্যু হৈছিল । সম্প্ৰতি ৰাজ্যখনত ১৫৩১ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হৈছে ।

অসমত ঘণ্টাত গড়ে দুজন ক'ভিড ৰোগীৰ মৃত্যু
অসমত ঘণ্টাত গড়ে দুজন ক'ভিড ৰোগীৰ মৃত্যু

গুৱাহাটী,৭ মে' : অসমৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা অধিক জটিলতাৰ দিশে গতি কৰিছে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৪৬ গৰাকী লোকে ক'ভিডত প্ৰাণ হেৰুৱালে । ইয়াৰে ১৩ গৰাকী ৰোগী কামৰূপ মহানগৰ জিলাৰ বুলি জানিব পৰা গৈছে । আনহাতে, বুধবাৰৰ দিনটোত ৫৫ গৰাকী লোকৰ ক'ভিডত মৃত্যু হৈছিল । সেই হিচাপত অসমত ঘণ্টাত গড়ে দুজনকৈ লোকে ক'ভিডৰ বাবে প্ৰাণ হেৰুৱাব ল'গা হৈছে । ইফালে ৰাজ্যত আক্ৰান্তৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ।

মিনি লকডাউন দিয়াৰ পাছতো ক'ভিডৰ সংক্ৰমণ ৰোধ হোৱা নাই ৰাজ্যত । বিগত ২৪ ঘণ্টাত ৰাজ্যত ৪,৯৩৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৯৭৬ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত ১৩৫৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৪৮৪ গৰাকী ডিব্ৰুগড় জিলাৰ, ৪৫৪ গৰাকী কামৰূপ গ্ৰাম্য জিলাৰ আৰু ২৭৫ গৰাকী নগাঁও জিলাৰ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে ।

উল্লেখ্য যে, ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ ৮.০৪ শতাংশলৈ বৃদ্ধি পাইছে । বৰ্তমান ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৩১,৮২৯ গৰাকী । ইফালে বিগত ২৪ ঘণ্টাত ৬১,৩৭৭ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । সম্প্ৰতি ৰাজ্যখনত ১৫৩১ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হৈছে । সৰ্বসাধাৰণ ৰাইজ সজাগ-সচেতন নহ'লে কৰ'ণা আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ৰাজ্যবাসী ।

লগতে পঢ়ক : 14 দিনৰ বাবে বন্ধ ঘোষণা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বহিঃ বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.