ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - 11 AM TOP TEN NEWS

11 বজাৰ শীৰ্ষ দহটা খবৰ

11 বজাৰ শীৰ্ষ দহটা খবৰ
11 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Jan 26, 2021, 11:03 AM IST

গোলাঘাটত উৰিল আলফাৰ পতাকা

কটকটীয়া নিৰাপত্তাৰ মাজতে গোলাঘাটৰ পুলিবৰ আদৰ্শ বিদ্যাপীঠত উৰিল আলফাৰ পতাকা ৷ আলফাৰ অৰ্ধ উদিত সূৰ্যৰ পতাকাই সন্ত্ৰস্ত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলক ৷

শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী যোগেন মহনে

শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণৰাজ্য দিৱসত চৰকাৰী প্ৰতিনিধি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন । মন্ত্ৰী গৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে।

সাহিত্যিক,কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান

২০১০ চনৰ বৰপেটাৰোডত অনুস্থিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান ৷ অসমৰ সাহিত্য জগতত কথাকবি ৰূপে পৰিচিত,সু লেখক,চিন্তাবিদ তথা প্রৱক্তা ইমৰান শ্বাহলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মাণ ৷ ২০০৯ চনত অসম উপত্যকা বঁটা আৰু ২০১২ চনৰ ১৪ জুলাইত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ৷

মৰিগাঁৱত ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জন-সচেতনতা কাৰ্যসূচী ৰূপায়ণ

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা নিৰ্বাচনী বিষয়া কাৰ্যলয়ৰ উদ্যোগত জন-সচেতনতা মূলক কাৰ্যসূচী ৰূপায়ণ ৷

গণৰাজ্য দিৱসৰ দিনাই ধলপুৰত উৰিল আলফাৰ পতাকা

ধলপুৰৰ পেটুৱা গোসাঁনী থানত সংঘটিত এই ঘটনা ৷ স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ লগে লগে খবৰ দিয়ে আৰক্ষীক ৷ ইপিনে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নমাই নিয়ে নিষিদ্ধ ঘোষিত সংগঠনটোৰ পতাকাখন ৷

মাজুলীৰ সত্রীয়া সংস্কৃতিৰ সাধক গোপীৰাম বুঢ়াভকতলৈ পদ্মশ্ৰী সন্মান

বৰ্তমান তেওঁৰ বয়স 97 বছৰ । ১৮ খন অসমীয়া ভাওঁনাৰ নাটকৰ গীত, ১২ খন অংকীয়া নাটকৰ গীত, ১২ টা পালৰ ওজাপালি, শংকৰদেৱ মাধৱদেৱৰ লগতে ১২ জন আতাৰ চৰিত্র পুথি সকলো জিভাৰ আগত । মেলা ৰাগ ৩৪ টা বন্ধাৰাগ ৩৬ টা অনায়াসে গাব পাৰে তেওঁ । এইগৰাকী মহান সত্ৰীয়া শিল্পী লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই বেলি পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে ।

মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা

ৰাজ্যৰ আন আন ৰাজনৈতিক দল সমূহৰ দৰে প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাইজৰ দল ৷ সোমবাৰে মৰিগাঁও জিলাত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ সমিতি কেইখনৰ বিষয়ে কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান ৷ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ভাষাতত্ববিদ, সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকে ৷

অশ্ৰুসিক্ত নয়নেৰে মেঘালয়ৰ কয়লাখনিত নিহত চাৰি শ্ৰমিকক বিদায়

কৰিমগঞ্জৰ ৰাতাবাৰীস্থিত নিজ বাসগৃহত মেঘালয়ৰ কয়লাখনিত মৃত্যু হোৱা তিনি ভাতৃসহ চাৰি গৰাকী শ্ৰমিকৰ মৃতদেহ আহি পোৱাৰ পাচতে জানাজাৰ নামাজত উপস্থিত শতাধিক ৰাইজ ৷ মৃতকৰ ঘৰত উপস্থিত হৈ শোক আৰু সমবেদনা জ্ঞাপন কৰাৰ লগতে চৰকাৰী সাহাৰ্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকৰে ৷

খোৱাঙত মে-ডাম-মে-ফি উদযাপনৰ প্ৰস্তুতি

মৰাণ সমষ্টিৰ উন্নয়ন পৰিষদৰ উদ্যোগত খোৱাঙৰ বৰপথাৰ দামৰিখাটি চাৰিআলিতো মে-ডাম-মে-ফি উদযাপনৰ বাবে আৰম্ভ কৰা হৈছে পূৰ্ণ প্ৰস্তুতি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.