মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
অসমৰ ভূমি মিজোৰামে দখলৰ প্ৰতিবাদত ছাত্ৰ সংগঠন আকসাই শনিবাৰে দিয়া বৰাক উপত্যকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ৷ ছাত্ৰ সংগঠনটোৱে দিয়া 12 ঘন্টীয়া বৰাকৰ বন্ধৰ সময়ছোৱাত বৰাকৰ তিনিওখন জিলাতে সহাঁৰি দিয়ে জনসাধাৰণে ৷
মানৱ অংগ কঢ়িয়াই নিয়া হেলিকপ্টাৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত
দক্ষিণ কেলিফৰ্নিয়াত শুকুৰবাৰে বিয়লি প্ৰায় 3 বজাত দুৰ্ঘটনাত পতিত হয় চিকিৎসালয়লৈ মানৱ অঙ্গ কঢ়িয়াই নিয়া এখন হেলিপ্টাৰ ৷ বয়েল হেইচস্থিত দক্ষিণ কেলিফৰ্নিয়াৰ বিশ্ববিদ্যালয়ৰ অধীনৰ কেক হাস্পতালৰ চাদত থকা হেলিপেডত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় ব্যক্তিগত হেলিকপ্টাৰ এম্বুলেন্সখন ৷
বিডেনে অসৎ উপায় অৱলম্বন কৰি হোৱাইট হাউছ দখলৰ চেষ্টা চলাইছেঃ ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডেনাল্ড ট্ৰাম্পে নিৰ্বাচন প্ৰসংগত মন্তব্য প্ৰদান কৰি কয় য়ে,ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বিডেনে অসৎ উপায় অৱলম্বন কৰি ৰাষ্ট্ৰপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ মই এই কাৰ্যৰ বিৰোধিতা কৰিছো লগতে,আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছো ৷ শুকুৰবাৰে ডোনাল্ড ট্ৰাম্পে টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য ৷
অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক
অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত আৰক্ষীয়ে জালত পৰিছে তিনিজনকৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাইজেৰিয়ান নাগৰিক ৷ শুকুৰবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে 8 নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত AS-24C-9995 নম্বৰৰ নৈশ বাছ খনৰ পৰা আটক হয় নাইজেৰিয়ান নাগৰিক কেইজন ৷
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিজয় সাব্যস্ত
আইপিএলৰ যোৱাকালিৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে 6 উইকেট আৰু 132 ৰানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে শ্বেইখ জায়দ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত সুন্দৰ প্ৰদৰ্শনৰে দলটোৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷
পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ
শিলচৰ বিমান বন্দৰত শুকুৰবাৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ দৰে সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ তিব্ৰ নিন্দা কৰিছে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে । শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি যিসকল ব্যক্তিয়ে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ ধ্বনি দিছে সেইসকলক দেশদ্ৰোহী আখ্যা দিয়ে সংগঠনটোৱে ।
যান জঁটৰ সমস্যাঃ 16 নৱেম্বৰৰ পৰা ৰঙিয়াত প্ৰযোজ্য নতুন নিয়ম
ৰঙিয়াত যান জঁটৰ সমস্যা সমাধানৰ বাবে 16 নৱেম্বৰৰ পৰা প্ৰযোজ্য হ'ব কেইবাটাও নিয়ম ৷ শুকুৰবাৰে মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ।
3 দিন ধৰি সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই নিকিতা সৰকাৰ হত্যাকাণ্ডৰ দোষীক
বৰপেটাৰোডৰ সমীপৰ তথা গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জাখলিৰপাৰৰ খগেন সৰকাৰৰ 8 বছৰীয়া কন্যা নিকিতা সৰকাৰৰ মৃতদেহ বৃহস্পতিবাৰে উদ্ধাৰ হোৱাৰ পিচতে এই হত্যাকাণ্ডৰ লগত জড়িত কোনো এজন লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
পাকিস্তান জিন্দাবাদ ধ্বনিৰ পিচতেই হিমন্তক বাংলাদেশী বুলি কটাক্ষ বদৰুদ্দিনৰ
বৰাকত উপস্থিত হৈ এ আই ইউ ডিএফ প্ৰধান বদৰুদ্দিন আজমলে লক্ষীপুৰ আৰু শিলচৰসহ কেইবাখনো স্থানত দলীয় সভাত অংশগ্ৰহণ কৰে । এই সভাতে বদৰুদ্দিন আজমলে কয় যে,বৰাক উপত্যকাৰ পোন্ধৰটা সমষ্টিৰ ভিতৰত 12খনতেই কংগ্ৰেছ-এ আই ইউ ডি এফে আসন লাভ কৰিব বুলি কোৱাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশী আখ্যা দিয়ে আজমলে ৷
পূৱ বিলাসীপাৰাত তিনিশ লিটাৰ চুলাই মদ ধ্বংস
চুলাই মদৰ বিৰুদ্ধে পূব বিলাসীপাৰাত আৰক্ষীৰ অভিযান ৷ প্ৰায় তিনিশ লিটাৰ চুলাই ধ্বংস আৰক্ষীৰ ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ বতৰদলত আৰক্ষীৰ অভিযান চুলাই মদৰ বিৰুদ্ধে ৷