গুৱাহাটী,25 জুলাইঃ বানৰ ফলত পুনৰ ক্ষতিগ্ৰস্ত ৰে’লপথ । বুধবাৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অধীনস্থ জোৰাই আৰু কামাখ্যাগুৰিৰ ৰে’লপথ যথেষ্ট ক্ষতিগ্ৰস্ত হয় । যাৰ বাবে বুধবাৰে যথেষ্ট বিপদসংকুলভাৱে চলাচল কৰিবলগীয়া হৈছে ৰে’লসমূহ । সেয়েহে বৃহস্পতিবাৰে মুঠ 10 খনকৈ ৰে’লৰ চলাচল বাতিল কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে । কামাখ্যা-ধুবুৰী, নিউ জলপাইগুৰি-ৰঙিয়া, আলিপুৰদুৱাৰ-লামডিং, আলিপুৰদুৱাৰ-কামাখ্যা, কামাখ্যা-আলিপুৰদুৱাৰ আদি স্থানত চলিবলগীয়া যাত্ৰীবাহী ৰে’ল বাতিল কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে । তাৰোপৰি গুৱাহাটীৰ পৰা কলিকতালৈ চলিবলগীয়া শৰাইঘাট এক্সপ্ৰেছ বাতিল কৰা বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই । ইফালে বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ নহালৈ বাতিল থাকিব ৰে’ল কেইখন ।
বানৰ বাবে বাতিল 10 খন ৰে’ল - 10 খন ৰে’ল
ধৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱে বাতিল কৰিলে 10 খন ৰে’ল ৷
গুৱাহাটী,25 জুলাইঃ বানৰ ফলত পুনৰ ক্ষতিগ্ৰস্ত ৰে’লপথ । বুধবাৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অধীনস্থ জোৰাই আৰু কামাখ্যাগুৰিৰ ৰে’লপথ যথেষ্ট ক্ষতিগ্ৰস্ত হয় । যাৰ বাবে বুধবাৰে যথেষ্ট বিপদসংকুলভাৱে চলাচল কৰিবলগীয়া হৈছে ৰে’লসমূহ । সেয়েহে বৃহস্পতিবাৰে মুঠ 10 খনকৈ ৰে’লৰ চলাচল বাতিল কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে । কামাখ্যা-ধুবুৰী, নিউ জলপাইগুৰি-ৰঙিয়া, আলিপুৰদুৱাৰ-লামডিং, আলিপুৰদুৱাৰ-কামাখ্যা, কামাখ্যা-আলিপুৰদুৱাৰ আদি স্থানত চলিবলগীয়া যাত্ৰীবাহী ৰে’ল বাতিল কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে । তাৰোপৰি গুৱাহাটীৰ পৰা কলিকতালৈ চলিবলগীয়া শৰাইঘাট এক্সপ্ৰেছ বাতিল কৰা বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই । ইফালে বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ নহালৈ বাতিল থাকিব ৰে’ল কেইখন ।
Body:Guwahati Conclusion:Hirul Haque