ETV Bharat / state

Minister Ranjit Kumar Das on PMAYG: অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১০ লাখ ঘৰ প্ৰদান সম্পূৰ্ণ: ৰণজিৎ কুমাৰ দাস

author img

By

Published : Apr 28, 2023, 1:17 AM IST

Updated : Apr 28, 2023, 9:34 AM IST

অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত এতিয়ালৈকে ১০ লাখৰো অধিক পকী ঘৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে (10 lakhs house completed under PMAYG ) । এই কথা সদৰী কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

minister ranjit kumar das
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

গুৱাহাটী, ২৭ এপ্ৰিল : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, ২০১৬ চনৰ পৰা আজিলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৰাজ্যখনত ১০,২,৯৩৫ টা ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে (10 lakhs house completed under PMAYG) । ইয়াৰে ভিতৰত ৫,৯৮,৬২৭ টা ঘৰৰ নির্মাণ কার্য বিগত প্ৰায় ২৪ মাহত সম্পূৰ্ণ হৈছে ।

তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাৰ্গদৰ্শন আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিগদর্শন তথা সবল নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পি এম এ ৱাই-জি আঁচনিখন ৰাজ্যখনত ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে (Minister Ranjit Kumar Das on PMAYG)।

PMAYG
বৈঠক

গৃহ নিৰ্মাণৰ ক্ষেত্ৰত লাভ কৰা এই সফলতাৰ বাবে মন্ত্ৰী দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে হিতাধিকাৰীসকলক অভিনন্দন জনায় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক মন্ত্ৰী দাসে এই সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে (Minister Ranjit Kumar Das) ৷

আনহাতে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী দাসে বিভাগীয় আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক, খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাসকলৰ সৈতে মিলিত হৈ পি এম এ ৱাই-জিৰ ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে । গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যখনে লাভ কৰা অগ্ৰগতিৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী দাসে ৷

PMAYG
বৈঠক

ৰণজিৎ কুমাৰ দাসে কয় যে, ৰাজ্যখনত বিভিন্ন পৰ্যায়ত নির্মীয়মান অৱস্থাত থকা ঘৰ সমূহৰ নিৰ্মাণৰ কামো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি তুলিব লাগিব । নিৰ্ধাৰিত সময়ৰ আগেয়ে যাতে বাকী থকা ঘৰসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী দাসে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । এই ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা, সচিব মুনীন্দ্ৰ শৰ্মা আৰু আয়ুক্ত বিক্ৰম কৈৰীকে ধৰি বিভাগৰ কেইবাগৰাকী বিষয়াই অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Lok Sabha Polls 2024: লক্ষ্য লোকসভা নিৰ্বাচন; গুৱাহাটীত শুকুৰবাৰে অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

Last Updated : Apr 28, 2023, 9:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.