ETV Bharat / state

‘‘আমি ঘৰৰ বোজা নহওঁ’’: সামাজিক মাধ্যমত ষ্টেটাছ দি নিৰুদ্দেশ ৰশ্মি-সুশ্মিতা - Girls missing from Teok

‘‘আমি বহুত দূৰলৈ গুচি যাম, আমি ঘৰৰ বোজা নহওঁ ৷ আমি নিজেই উপাৰ্জন কৰি খাম ৷ মা-পাপাহঁত সদায় সুখী হওক । মই আৰু নাথাকো । বহুত মনত পৰিব সকলোকে কিন্তু আহিব নোৱাৰিম । নিজৰ মতে জীয়াই থাকিবলৈ শিকিম, নিজে কাম কৰিম কাকো আমনি নিদিওঁ ৷" সামাজিক মাধ্যমত এইদৰে ষ্টেটাছ দি নিৰুদ্দেশ দুই কিশোৰী (Two minor girls missing in Teok) ৷

two minor girls missing in Teok
two minor girls missing in Teok
author img

By

Published : Jun 14, 2022, 11:46 AM IST

Updated : Jun 14, 2022, 12:56 PM IST

টীয়ক, 14 জুন : "আমি বহুত দূৰলৈ গুচি যাম, আমি ঘৰৰ বোজা নহওঁ ৷ আমি নিজেই উপাৰ্জন কৰি খাম ৷ মা-পাপাহঁত সদায় সুখী হওক । মই আৰু নাথাকো । বহুত মনত পৰিব সকলোকে কিন্তু আহিব নোৱাৰিম । নিজৰ মতে জীয়াই থাকিব শিকিম, নিজে কাম কৰিম কাকো আমনি নিদিওঁঁ ৷" এইদৰে সামাজিক মাধ্যমৰ শেষৰটো ষ্টেটাছ দি হঠাৎ সন্ধানহীন হৈ পৰিল দুগৰাকী কিশোৰী ৷ টীয়কত এই দুই কিশোৰী নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে (Two minor girls missing in Teok) ৷

সামাজিক মাধ্যত ষ্টেটাছ দি নিৰুদ্দেশ ৰশ্মি-সুশ্মিতা

টীয়কৰ মুদৈজানত যোৱা শনিবাৰৰ পৰা ভৰলুৱা গাঁৱৰ সুস্মিতা বৰা আৰু ৰশ্মি শইকীয়াৰ নামৰ দুই কিশোৰীয়ে স্বেচ্ছাই সামাজিক মাধ্যমত ষ্টেটাছ দি ঘৰৰ পৰা ওলাই যায় ৷ উল্লেখযোগ্য যে, মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা বৰাই এই বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ৰশ্মি শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল ৷ ৰশ্মিৰ পৰীক্ষাৰ ফলাফল ভাল নোহোৱাত মাতৃয়ে কিশোৰীগৰাকীক পুনৰ পৰীক্ষা দিবলৈ জোৰ কৰাত তেওঁ মাকক পুনৰ পঢ়িম বুলিও আশ্বাসো দিছিল (Girls missing from Teok)৷

ইয়াৰ পিছতে আন দিনাৰ দৰে বিদ্যালয়লৈ যাওঁ বুলি ওলাই আহিছিল দুয়োগৰাকী কিশোৰী ৷ কিন্তু সন্ধিয়ালৈ কিশোৰীগৰাকী সন্ধিয়ালৈ ঘূৰি নোযোৱাত চিন্তিত হৈ পৰে কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোক ৷

ইতিমধ্যে পৰিয়ালৰ লোকে টীয়ক থানাত এজাহাৰ দাখিল কৰিছে ৷ দুৰ্ভগীয়া মাতৃ দুগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিশোৰী দুগৰাকীক বিচাৰি অনাত সহায় কৰিবলৈ কাতৰভাৱে আহ্বান জনায় ৷

লগতে চাওক :গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

Last Updated : Jun 14, 2022, 12:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.