ETV Bharat / state

Brutality of Assam police: অভিযুক্তক মৰিয়াই ভৰি ভাঙিলে মৰিয়নি আৰক্ষীয়ে

author img

By

Published : Jun 11, 2022, 8:40 PM IST

মৰিয়নি আৰক্ষীৰ বৰ্বৰতা ৷ নিৰপৰাধী পিতা পুত্ৰক চোৰ সজাবলৈ বিচাৰিছিল আৰক্ষীয়ে ৷ যাৰ বাবে পিতা-পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰে মৰিয়নি আৰক্ষীয়ে (Brutality of Assam police) ৷

খাকী পোচাকধাৰীৰ বৰবৰতা
খাকী পোচাকধাৰীৰ বৰবৰতা; অভিযুক্তক মৰিয়াই ভৰি ভাঙিলে মৰিয়নি আৰক্ষীয়ে

যোৰহাট, 11 জুন : এইবাৰ খাকী পোচাকধাৰীৰ বৰবৰতা ৷ নিৰপৰাধী পিতা-পুত্ৰক চোৰ সজাবলৈ গৈ নিৰ্মম প্ৰহাৰ কৰে আৰক্ষীয়ে (Brutality of Assam police) ৷ আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় পিতা-পুত্ৰ ।

ঘটনাৰ স্থান যোৰহাট জিলাৰ মৰিয়নি ৷ শুক্ৰবাৰে বিয়লি মৰিয়নি ৰে’ল ষ্টেচনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত কাকজান চাহ বাগিচাৰ ধনু কৰ্মকাৰ আৰু তেওঁৰ পুত্ৰ বীৰেন কৰ্মকাৰক মৰিয়নি আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈয়ে আটক কৰে ৷ তাৰ পাচত আৰক্ষীয়ে দুয়োকে লৈ যায় থানালৈ । এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ৷

ইয়াৰ পাচত মৰিয়নিৰ এগৰাকী আৰক্ষী বিষয়াই পিতা-পুত্ৰ দুয়োকে নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ লয় (Torture in police custody in Mariani)।

ফলত আৰক্ষীৰ প্ৰহাৰত পিতা-পুত্ৰ দুয়ো গুৰুতৰভাৱে আহত হয় । আৰক্ষীৰ প্ৰহাৰত আনকি বীৰেন কৰ্মকাৰৰ এখন ভৰিও ভাঙি যায় । পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰহাৰত আহত হোৱা পিতা-পুত্ৰ দুয়োকে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰাই খোদ আৰক্ষীয়েই ৷ এই লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ইফালে ক্ষমতাৰ অপপ্ৰয়োগ কৰি আৰক্ষীয়ে এইদৰে নিৰপৰাধী লোকক অপৰাধী সজাই নিৰ্মম অত্যাচাৰ কৰা কাৰ্যক ধিক্কাৰ দিছে সচেতন মহলে (Conscious people condemns) ৷ নিৰপৰাধী লোকৰ ওপৰত কৰা এই অত্যাচাৰৰ অভিযোগৰ পাছত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : অনলাইন ঔষধ বিক্ৰী আইন বিৰোধী: বিৰেন্দ্ৰ কুমাৰ বৰ্মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.