ETV Bharat / state

টীয়কত মাস্ক বিক্ৰী কৰি উপাৰ্জন কৰিলে ৯২০০০ টকা - টীয়ক

টীয়কৰ এগৰাকী গৃহিণীয়ে তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাত ঘৰখনক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে । প্ৰায় ন হাজাৰৰো অধিক মাস্ক প্ৰস্তুত কৰি উপাৰ্জন কৰিছে ৯২০০০/- টকা ৷

টীয়কত মাস্ক বিক্ৰী কৰি উপাৰ্জন কৰিলে ৯২০০০ টকা

author img

By

Published : Jul 3, 2020, 8:31 AM IST

Updated : Jul 3, 2020, 8:45 AM IST

টীয়ক, 3 জুলাইঃ ক'ৰণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ অৰ্থে দেশত ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত হাহাকাৰৰ সৃষ্টি হৈছে খাটিখোৱা জনতাৰ । চৰকাৰে চাউল,দাইল আদিৰ যোগান ধৰিছে যদিও আৰ্থিক দীনতাই বিভিন্ন ক্ষেত্ৰত বিপাঙত পেলাইছে বহু পৰিয়ালক,কিন্তু তাৰ মাজতে টীয়কৰ এগৰাকী গৃহিণীয়ে তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাত ঘৰখনক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে । যিহেতু ক'ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া সৰ্বত্তে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক আৰু লক ডাউনৰ সময়ছোৱাত চৰকাৰৰ নিৰ্দেশমৰ্মে জিলা প্ৰশাসনে বিভিন্ন স্তৰত মাস্ক প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । তাৰে অংশ স্বৰূপে টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খণ্ড প্ৰকল্প বিষয়া টুনটুণি বৰাই উন্নয়ন খণ্ডটোৰ অধীনস্থ বিভিন্ন আত্মসহায়ক গোটৰ লগতে পূব টীয়ক গাঁও পঞ্চায়তৰ বিদিশা দত্ত শইকীয়া নামৰ এই গৃহিণীগৰাকীক মাস্ক প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল আৰু বিগত দুটা মাহত বিদিশা দত্ত শইকীয়াই প্ৰায় ন হাজাৰৰো অধিক মাস্ক প্ৰস্তুত কৰি প্ৰায় ৯২০০০/- টকা উপাৰ্জন কৰি খণ্ডটোৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে।

টীয়কত মাস্ক বিক্ৰী কৰি উপাৰ্জন কৰিলে ৯২০০০ টকা

উল্লেখযোগ্য এই যে ঘৰৰ পদূলিতে উপাৰ্জিত টকাৰে বিদিশাই এতিয়া এখন দোকান খুলি মাস্ক প্ৰস্তুতৰ সমান্তৰালকৈ চাদৰ,মেখেলা আদি চিলাবলৈ আৰম্ভ কৰিছে।লগতে চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এগৰাকী সফল সদস্য হিচাপে নিজকে চিনাকি দি আনৰ বাবে প্ৰেৰণা হৈ পৰিছে বিদিশা দত্ত শইকীয়া।

লগতে চাওকঃ দলৰ ভিতৰৰ পৰাই নেপালৰ প্ৰধানমন্ত্ৰীলৈ আহিছে প্ৰত্যাহ্বান

Last Updated : Jul 3, 2020, 8:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.