ETV Bharat / state

জাতীয় সাজপাৰ পিন্ধি বিদ্যালয়লৈ আহিল ছাত্ৰ-ছাত্ৰী , ক’ত ! - teok

পৰম্পৰাগত সাজ-পাৰেৰে বিদ্যালয় প্ৰাংগনত ৰঙালী বিহু উদযাপন টীয়ক জ্যোতি বিদ্যাপীঠৰ ৷

সংস্কৃতিক ধৰি ৰখাৰ অনন্য প্ৰয়াস টীয়ক জ্যোতি বিদ্যাপীঠৰ
author img

By

Published : Apr 20, 2019, 4:49 PM IST

টীয়ক, 10 এপ্ৰিল : অসমীয়া সংস্কৃতিক দীৰ্ঘায়ু কৰি ৰাখিবলৈ আগবাঢ়ি আহিছে টীয়কৰ এখনৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় ৷ বিদ্যালয় প্ৰাংগনত বিহু পালন কৰি জাতীয় সাজ-পোছাকেৰে অসমীয়া সংস্কৃতিৰ ভেটি সুদৃঢ় কৰিবলৈ আগবাঢ়ি আহিল টীয়কৰ জ্যোতি বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-অভিভাৱক সকলো ৷

সংস্কৃতিক ধৰি ৰখাৰ অনন্য প্ৰয়াস টীয়ক জ্যোতি বিদ্যাপীঠৰ

শনিবাৰে বিদ্যালয়খনৰ খেলপথাৰত উলহ-মালহেৰে উদযাপন কৰা হয় মুকলি বিহু কাৰ্যসূচী ৷ বিদ্যালয়খনৰ নিয়মীয়া পাঠদানৰ পাছতে মুকলি হুঁচৰিৰে আৰম্ভ কৰা হয় ৰঙালী বিহুৰ কাৰ্যসূচী ৷ ছাত্ৰ ছাত্ৰীকে ধৰি বিদ্যালয়ৰ শিক্ষক,পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱক সকলেও বিহু নাচি উদযাপন কৰে ৰঙালীৰ আনন্দ ৷ পশ্চিমীয়া সংস্কৃতিৰ কৰাল গ্ৰাসৰ পৰা জাতিটোক ৰক্ষাৰ উদ্দেশ্যে টীয়কৰ জ্যোতি বিদ্যাপীঠৰ এই কাৰ্যসূচী অত্যন্তই শলাগনীয় ৷

Intro:Body:টীয়ক জ্যোতি বিদ্যাপীঠৰ ব্যতিক্ৰমী প্ৰয়াস/সংস্কৃতি ধৰি ৰখাৰ মানসেৰে সকলোৱে পৰিধান কৰিলে জাতীয় সাজ -পাৰ
TEOK:উজনি অসমৰ অন্যতম মাতৃভাষা মাধ্যমৰ বিদ্যালয় টীয়কৰ জ্যোতি বিদ্যাপীঠে আজি বিদ্যালয়ৰ খেলপথাৰত উলহ মালহে উদযাপন কৰে মুকলি বিহু।ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী তথা অভিভাৱক সকলোৱে জাতীয় পোছাক পৰিধান কৰি পুৱা প্ৰাতঃ সভা, প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰাৰ পাছত শ্ৰেণীকোঠাত এক বৰ্ণিল পৰিবেশত নিয়মীয়া পাঠদান আগবঢ়োৱা হয়।পাঠদানৰ পাছত ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি এজুৰা হুঁচৰিৰে মুকলি বিহুৰ আৰম্ভ কৰা হয় আৰু এই বিহুতেই কন কন ছাত্ৰ ছাত্ৰীৰ পৰা বিদ্যালয়ৰ শিক্ষক,পৰিচালনা সমিতিৰ বিষয়ববীয়াকে ধৰি কৰ্মচাৰী, অভিভাৱক সকলোৱে বিহু নাচি গাই জ্যোতি বিদ্যাপীঠ পৰিয়ালে পৰম্পৰা ৰক্ষা কৰি আগবঢ়োৱা শৰাই গ্ৰহণ কৰি সকলোৰে মংগল কামনাৰে ভগৱানৰ চৰণত সেৱা জনায়।বৰ্তমান পশ্চিমীয়া সংস্কৃতিৰ কড়াল গ্ৰাসৰ পৰা জাতিটোক ৰক্ষা কৰা তথা অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি সৰুৰে পৰা ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰাৰ মানসেৰেই এইদৰে বাপুতি সাহোন বিহুটি উদযাপন কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে উদ্যোক্তামণ্ডলীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.