ETV Bharat / state

জীৱন সংগ্ৰামত হাৰ নমনা টীয়কৰ ৰীতামণি - কাকজান মহাবিদ্যালয়

কাকজান মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী ৰীতমণিয়ে নিজৰ ঘৰৰ পদুলিতে আৰম্ভ কৰিছে শাক-পাচলিৰ ব্যৱসায় ৷ পাচলি ব্যৱসায়েৰে নিজৰ দৈনন্দিন খৰচৰ উপৰিও ঘৰখনক কিছু হ'লেও আৰ্থিক সকাহ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰীতামণিয়ে ৷

Teok girl doing vegetable selling business to run family during lock down
জীৱন সংগ্ৰামত হাৰ নমনা টীয়কৰ ৰীতামণি
author img

By

Published : Oct 3, 2020, 10:17 AM IST

টীয়ক, 3 অক্টোবৰঃ জীৱন সংগ্ৰামত হাৰ নমনা টীয়কৰ কাকজান বাম কুকুৰাচোৱা গাঁৱৰ এগৰাকী যুৱতী ৷ নাম ৰীতামণি ৷ কাকজান মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী ৰীতমণিয়ে নিজৰ ঘৰৰ পদুলিতে আৰম্ভ কৰিছে শাক-পাচলিৰ ব্যৱসায় ৷ লকডাউনৰ ফলত মহাবিদ্যালয় বন্ধ হোৱাৰ সুযোগ গ্ৰহণ কৰি পাচলি ব্যৱসায়েৰে নিজৰ দৈনন্দিন খৰচৰ উপৰিও ঘৰখনক কিছু হ'লেও আৰ্থিক সকাহ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰীতামণিয়ে ৷

জীৱন সংগ্ৰামত হাৰ নমনা টীয়কৰ ৰীতামণি

ব্যৱসায়ৰ সমান্তৰালকৈ ঘৰৰ ওচৰৰ কেইবাজনো ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে টিউচনো কৰে ৰীতামণিয়ে । পুৱা টিউচন কৰি ৰ'দ বতাহ বৰষুণলৈ কেৰেপ নকৰি বিভিন্ন স্থানৰ পৰা শাক পাচলি, পান তামোল সংগ্ৰহ কৰি আকৌ দিনটোলৈ ব্যৱসায় আৰম্ভ কৰি নৱপ্ৰজন্মৰ এইগৰাকী যুৱতীয়ে যি আদৰ্শ দেখুওৱাইছে সেয়া সচাকৈয়ে প্ৰশংসনীয় ।

লগতে পঢ়ক-আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ উপজা দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.