ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ লক্ ডাউন শিথিল হ'লেই মেৰামতি হ'ব টীয়ক শীতলীকৰণ ভৱনৰ - টীয়কৰ শীতলীকৰণ ভৱন সন্দৰ্ভত কৃষি বিপণন পৰিষদৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া

ই টিভি ভাৰতত বাতৰি প্ৰকাশৰ পাছতেই যোৰহাটৰ শীতলীকৰণ ভৱন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই ৷ লক্​ ডাউন শিথিল কৰাৰ পাছত শীতলীকৰণ ভৱনটোৰ মেৰামতিৰ কাম হাতত ল'ব বুলি জনাই অধ্যক্ষগৰাকীয়ে ।

মেৰামতি কৰা হ'ব টীয়কৰ শীতলীকৰণ ভৱন
মেৰামতি কৰা হ'ব টীয়কৰ শীতলীকৰণ ভৱন
author img

By

Published : May 5, 2020, 11:35 AM IST

টীয়ক, 5 মে : ই টিভি ভাৰতত বাতৰি প্ৰকাশৰ পাছতেই যোৰহাটৰ শীতলীকৰণ ভৱন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই ৷ দৰাচলতে কৃষি বিপণন পৰিষদৰ অধীনস্থ যোৰহাট জিলাৰ টীয়কৰ চটাইস্থিত শীতলীকৰণ ভৱনটো অব্যৱহৃত হৈ থকাৰ লগতে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে । ফলস্বৰূপে উক্ত বিষয় সন্দৰ্ভত বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

অধ্যক্ষগৰাকীয়ে শীতলীকৰণ ভৱন সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে , জিলাখনৰ কৃষকসকলে নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ বৃহৎ শীতলীকৰণ ভৱনটোত সংৰক্ষণ কৰিব বিছৰা নাছিল । যাৰবাবে এই ভৱনটো এটা বণিক গোষ্ঠীক আবন্টন দিয়া হৈছিল । অৱশ্যে তেতিয়াও ভৱনটোৰ ২৫% স্থান স্থানীয় কৃষকৰ বাবে সংৰক্ষণ কৰা হৈছিল ৷

টীয়কৰ শীতলীকৰণ ভৱন সন্দৰ্ভত কৃষি বিপণন পৰিষদৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া

কিন্তু বণিক গোষ্ঠীটোৱে শীতলীকৰণ ভৱনটো কিছুদিন ব্যৱহাৰ কৰি বিদ্যুৎ যোগান অনিয়মীয়া হোৱাৰ বাবে সামগ্ৰীসমূহ নষ্ট হৈ যোৱাৰ অজুহাতত ভৱনটো ব্যৱহাৰৰ পৰা বিৰত থাকে বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে । অৱশ্যে লক্​ ডাউন শিথিল কৰাৰ পাছত শীতলীকৰণ ভৱনটোৰ মেৰামতিৰ কাম হাতত ল'ব বুলি জনাই অধ্যক্ষগৰাকীয়ে । উল্লেখ্য যে, টীয়কত সংবাদ কৰ্মী,আৰক্ষী আৰু স্বাস্থ্য কৰ্মীসকলৰ মাজত মাস্ক,চেনিটাইজাৰ বিতৰণৰ বাবে আহিছিল বিপণন পৰিষদৰ অধ্যক্ষগৰাকী ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.