ETV Bharat / state

টীয়কৰ বজাৰত গ্ৰাহকৰ বিৰ দি বাট নোপোৱা অৱস্থা - গ্ৰাহক

টীয়কৰ কলিয়াপানীৰ সাপ্তাহিক বজাৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ ৷ উৰুকা উপলক্ষে লগে-ভাগে এসাজ খোৱাৰ মানসেৰে সামগ্ৰী ক্ৰয় কৰিছে গ্ৰাহকসকলে ৷

teok market
টীয়কৰ বজাৰ
author img

By

Published : Jan 13, 2021, 12:15 PM IST

টীয়ক,13 জানুৱাৰী : উৰুকাৰ নিশা লগে-ভাগে এসাজ খোৱাৰ হেঁপাহেৰে ৰাজ্যৰ প্ৰত্যেকখন বজাৰতে ভিৰ কৰিছে অসংখ্য গ্ৰাহকে । যোৰহাটৰ টীয়কৰ বজাৰো ইয়াৰ ব্যতিক্ৰম নহয় ।

টীয়কৰ কলিয়াপানীৰ সাপ্তাহিক বজাৰতো দেখা গৈছে গ্ৰাহকৰ অভাৱনীয় ভিৰ । অন্যান্য বজাৰৰ তুলনাত কলিয়াপানীৰ বজাৰত সামগ্ৰীৰ মূল্য কিছু কম বাবে গ্ৰাহকৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পায় ৷

টীয়কৰ বজাৰ

এইখন বজাৰত থলুৱা শাক-পাচলিকে ধৰি বিহুৰ উপলক্ষে কাঠ আলু, মিঠা আলু, মোৱা আলু, দৈ, মাটি দাইল,মাছ, মাংস, চিৰা, মুৰিকে ধৰি বিভিন্ন খাদ্যবস্তুৰে বজাৰ উভৈনদী হৈ পৰিছে ।

বৃহত্তৰ টীয়ক তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে ঘৰতে উৎপাদিত বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে লৈ গৈ সেই টকাৰে ঘৰৰ প্ৰয়োজনীয় সা-সামগ্ৰী ঘৰলৈ লৈ গৈছে ।

যদিও সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মুৰত ৰাম টাঙোন সোধাইছে, কিন্তু তথাপিও অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুটি আদৰিবলৈ উৎসাহেৰে প্ৰতিঘৰ অসমীয়াই প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যৰ মাছৰ বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.