ETV Bharat / state

সাময়িক ভাৱে স্থগিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন

author img

By

Published : May 29, 2021, 9:16 AM IST

নগাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা মৰিয়নীৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ বৃহস্পতিবাৰে নগা আগ্ৰাসনকাৰীয়ে গুলীচালনা কৰিছিল বিধায়ক গৰাকীলৈ ৷ চৰকাৰক সমগ্ৰ বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীৰে অনশনত বহিছিল ৰূপজ্যোতি কুৰ্মী ৷ প্ৰশাসনৰ অনুৰোধ মৰ্মে সাময়িকভাৱে স্থগিত ৰাখে অনশন ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন সাময়িক ভাৱে স্থগিত

যোৰহাট,29 মে’: বৃহস্পতিবাৰে নগা দুৰ্বৃত্তই ৰূপজ্যোতি কুৰ্মীক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ অসমৰ ভূমিত নগাৰ বেদখল, অসমৰ বিধায়কক গুলি বৰ্ষণ, অসমতে অসমীয়াই প্ৰাণ লৈ পলাব লগীয়া অৱস্থা হোৱাত ক্ষুব্ধ হৈ পৰে মৰিয়নীৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে দিনৰ 1 বজাৰ পৰা আমৰণ অনশনত বহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ কিন্তু শুকুৰবাৰে নিশা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু যোৰহাট জিলা উপায়ুক্ত অশোক বৰ্মনৰ অনুৰোধ মৰ্মে সাময়িক ভাৱে স্থগিত ৰাখে অনশন ৷

উল্লেখ্য যে, নগা দুৰ্বৃত্তৰ আক্ৰমণৰ এই ঘটনাৰ তদন্তৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক অৰ্পণ কৰে ৷ তাৰ পাচতেই মৰিয়নীৰ সীমান্ত অঞ্চলত উপস্থিত হৈ প্ৰশাসনৰ শীৰ্ষ নেতৃত্বৰ লগতে প্ৰতিবাদত বহা মৰিয়নীৰ বিধায়ক গৰাকীৰ সৈতেও এক আলোচনাত মিলিত হয় জি পি সিং ৷ লগতে জিলা প্ৰশাসনৰ ফালৰ পৰা মৰিয়নীৰ বিধায়ক গৰাকীক এক লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰে ৷

বিধায়ক গৰাকীয়ে জনোৱা মতে, অহা বুধবাৰৰ ভিতৰত বেদখলকাৰীৰ ঘৰ উচ্ছেদ নকৰিলে বৃহস্পতিবাৰৰ পৰা পুনৰ অনশনত বহিব বিধায়ক কুৰ্মী । এক প্ৰকাৰে নগাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বিধায়ক গৰাকী ৷ আনহাতে, জিলা প্ৰশাসনেও বুধবাৰৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়ক: বেদখলকাৰী নগাক উচ্ছেদৰ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.