ETV Bharat / state

প্ৰশাসনিক বিষয়া হ'ল বাগিচাত চাহ পাত তোলা জয়ন্তীৰ পুত্ৰ মাচি - প্ৰশাসনিক বিষয়া হ'বলৈ আগবঢ়া মাচি

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ বাগিচাত চাহ পাত তোলা জয়ন্তীৰ পুত্ৰ মাচিৰ ৷ লোকসেৱা আয়োগৰ পৰীক্ষাত 98 সংখ্য়ক স্থান লাভ মাচিৰ ৷ মাচিৰ আনন্দত উৎফুল্লিত মাতৃ জয়ন্তী আৰু বৃহত্তৰ মৰিয়নীবাসী ৰাইজ ৷

masi topno bagged success in apsc
প্ৰশাসনিক বিষয়া হ'ল বাগিচাত কেঁচা পাত তোলা জয়ন্তীৰ পুত্ৰ মাচি
author img

By

Published : Dec 26, 2020, 7:24 AM IST

Updated : Dec 26, 2020, 7:54 AM IST

যোৰহাট, 26 ডিচেম্বৰ: "সি সৰু থাকোতেই কৈছিল মই হোষ্টেলত যাম ৷ তাক হোষ্টেল পঠাবলৈ আমাৰ পইছা নাছিল ৷ সি কৈছিল মই ককাইহঁতৰ পালেঙৰ তলত পাটী পাৰি শুই যাম ৷ মাটি অলপ বন্ধক দি তাক বৰহোলাৰ ৰজাবাৰী হোষ্টেলত নাম ভৰ্তি কৰি দিছিলো ৷ তাৰ পাছত সি সদায়েই আগবাঢ়ি আছে ৷ মই নিজে লিখা পঢ়া নাজানো কিন্তু পঢ়িলে মানুহ কি হয় মই জানো ৷ মোৰ ভাল লাগিছে ৷" এই আবেগিক মন্তব্য সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত 98 সংখ্যক স্থান লাভ কৰি এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ আগবঢ়া মাচি তপ্নৰ মাতৃ জয়ন্তী তপ্নৰ ৷

এই সফলতাক বৰদিনৰ উপহাৰ আখ্যা মাচিৰ

পুত্ৰৰ সফলতাত সুখী চাহ বাগিছাত পাত চিঙি পুত্ৰক শিক্ষিত কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰা জয়ন্তী তপ্ন ৷ পুত্ৰক লৈ গৌৰৱ কৰা জয়ন্তীয়ে কয় যে,যিমানখিনি পাৰো তাৰ বাবে কষ্ট কৰিছিলো ৷ কিন্তু সৰুৰে পৰা সি যেতিয়া পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ ধৰিলে সেই কষ্ট আৰু কষ্ট যেন অনুভৱ হোৱা নাছিল ৷

নিজৰ এই সফলতাত এতিয়া মাচি নিজেও যথেষ্ট সুখী ৷ এই সফলতাক বৰদিনৰ উপহাৰ আখ্যা দি মাচিয়ে শলাগ ল'লে তেওঁৰ এই সফলতাৰ যাত্ৰাত সহায় হৈ থিয় দিয়া প্ৰতিগৰাকী শুভাকাংক্ষীৰ ৷ মাচিয়ে কয় যে দৰিদ্ৰতাই কোঙা কৰা জীৱনত একাগ্ৰতাৰে লক্ষ্য স্থিৰ কৰি আগবাঢ়োতে তেওঁ মাজে মাজে কেতিয়াবা হতাশাৰো সন্মুখীন হৈছিল ৷ কিন্তু সেই সময়তো তেওঁৰ কাষত সাহস হৈ থিয় দিয়াৰ লগতে তেওঁৰ শুভাকাংক্ষী সকলে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছিল ৷

মাচিৰ এই সফলতাত এতিয়া মৰিয়নীবাসী ৰাইজো যথেষ্ট উৎফুল্লিত হৈ পৰিছে ৷ মৰিয়নিৰ অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত চৈকটা চাহ বাগিচাৰ 3 নং লাইনৰ প্ৰয়াত বসন্ত ত'প্ন আৰু জয়ন্তী ত'প্নৰ একমাত্ৰ পুত্ৰ মাচিৰ সফলতাৰ খবৰে এতিয়া সমগ্ৰ বাগিচা খনলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে বিগত প্ৰায় এবছৰ পূৰ্বে স্বামীক হেৰুওৱা জয়ন্তী তপ্নই বৰ্তমানেও বাগানত পাত চিঙা কামত নিয়োজিত হৈ আছে ৷
লগতে পঢ়ক:দৰিদ্ৰতাক নেওচি নগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰৰ সাফল্য

Last Updated : Dec 26, 2020, 7:54 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.