ETV Bharat / state

মৰিয়নিত উপস্থিত দ্বিতীয়খন যাত্ৰীবাহী ৰে'ল - মৰিয়নি জংচন

সোমবাৰে পুৱা ৭.৩০ বজাত দ্বিতীয়খন যাত্ৰীবাহী ৰে'ল মৰিয়নি জংচনত প্ৰৱেশ কৰে । ৰে'লখনৰ পৰা মৰিয়নিত নামে ৫০৬ জন যাত্ৰী ।

Second rail reached Mariyani junction on Monday
মৰিয়নিত উপস্থিত দ্বিতীয়খন যাত্ৰীবাহী ৰে'ল
author img

By

Published : May 18, 2020, 7:45 PM IST

মৰিয়নি,18 মেঃ সোমবাৰে পুৱা ৭.৩০ বজাত দ্বিতীয়খন যাত্ৰীবাহী ৰে'ল মৰিয়নি জংচনত প্ৰৱেশ কৰে । ৰে'লখনৰ পৰা মৰিয়নিত নামে ৫০৬ জন যাত্ৰী । ইয়াৰ ভিতৰত গোলাঘাট জিলাৰ ৩৪৬ জন, যোৰহাটৰ ৫২ জন, শিৱসাগৰৰ ৬০ জন, চৰাইদেউৰ ৪৬ জন, নাগালেণ্ডৰ ১জন আৰু কাৰ্বি আলঙৰ ১ জন যাত্ৰী আছিল ।

মৰিয়নিত উপস্থিত দ্বিতীয়খন যাত্ৰীবাহী ৰে'ল

আনহাতে, ৰে'লখনত থকা যাত্ৰীসকলৰ ভিতৰত মৰিয়নিত নামিবলগীয়া অধিক যাত্ৰী থকাত যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰোতে কেইবাঘণ্টা সময়ৰ প্ৰয়োজন হয়। চিকিৎসা কাউণ্টাৰ কম হোৱাৰ বাবে যাত্ৰী সকল পুৱাৰ পৰা বিয়লি প্ৰায় তিনি বজালৈকে মৰিয়নি জংচনতে আৱদ্ধ হৈ থাকিবলগীয়া হয় । সেই সময়ছোৱাত জিলা প্ৰশাসনে জংচনত নিয়োজিত বিষয়া কৰ্মচাৰী তথা যাত্ৰী সকলৰ খোৱা-বোৱাৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।

লগতে পঢ়ক-অসমত পুনৰ এজন কভিড -19 ত আক্ৰান্ত ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.