ETV Bharat / state

এটা ৰাতিতে মেৰামতি হৈ উঠিল টীয়কৰ এটা জৰাজীৰ্ণ পথ

author img

By

Published : Sep 7, 2020, 8:36 PM IST

মুখ্যমন্ত্ৰীৰ আগমণৰ প্ৰাকমুহূৰ্ত্তত মেৰামতি হৈ উঠিল টীয়কৰ এটা পথ ৷ ৰাইজৰ দাবী-ৰাইজৰ বাবে নহয় ৰজাক সন্তুষ্ট কৰাৰ বাবেহে আছে ৰাজ্যৰ গড়কাপ্তানি বিভাগ ৷ দেওবাৰৰ দিনটোত দিনে নিশাই কাম কৰি টীয়কৰ কলিয়াপানী তিনিআলি আউনীআটি শাখা সত্ৰ চেলেংহাট সংযোগী গড়কাপ্তানি পথটো মেৰামতি কৰি উলিয়াই গড়কাপ্তানি বিভাগে ৷

মুখ্যমন্ত্ৰীৰ আগমণৰ প্ৰাকমুহূৰ্ত্তত এটা ৰাতিতে মেৰামতি হৈ উঠিল টীয়কৰ এটা পথ

টীয়ক, 7 চেপ্তেম্বৰ: 'তুলসীৰ লগত কলপটুৱাৰ মুক্তি', এই আপ্ত বাক্যশাৰীক বাস্তৱ ৰূপত সঁচা প্ৰতিফলিত কৰি,মুখ্যমন্ত্ৰীৰ আগমণৰ প্ৰাকমুহূৰ্ত্তত এটা ৰাতিতে মেৰামতি হৈ উঠিল টীয়কৰ এটা পথ ৷ দীৰ্ঘদিন ধৰি টীয়কৰ কলিয়াপানী তিনিআলি আউনীআটি শাখা সত্ৰ চেলেংহাট সংযোগী গড়কাপ্তানি পথটোৰ জৰাজীৰ্ন অৱস্থাই অঞ্চলটোৰ ৰাইজক দুৰ্ভোগ ভুগাই আহিছিল ৷ স্থানীয় ৰাইজৰ দাবী বহু আবেদন নিবেদন কৰাৰ পাছতো তেওঁলোকে গড়কপ্তানি বিভাগৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নাছিল ৷ অৱশেষত মুখ্যমন্ত্ৰীৰ আগমণৰ আগে আগে যেন সাৰ পালে গড়কাপ্তানি বিভাগে ৷

দেওবাৰৰ দিনটোত দিনে নিশাই কাম কৰি পথটোত থকা বৃহৎ বৃহৎ গাঁতবোৰ পুতি ক্ষীপ্ৰতাৰে মেৰামতিৰ ব্যৱস্থা কৰে গড়কাপ্তানি বিভাগে ৷ স্থানীয় ৰাইজৰ মতে ঐতিহাসিক আউনীআটি সত্ৰৰ কলিয়াপানী শাখাত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী অহাৰ বাবেহে বিভাগটোৱে দীৰ্ঘদিনীয়া নিদ্ৰাৰ পৰা সাৰ পালে ৷ তেওঁলোকৰ দাবী,ৰাস্তাটোৰ মেৰামতিৰ বাবে বহুবাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো বিভাগটোৰ হেমাহিৰ বাবে সৰ্বসাধাৰণ ৰাইজে দীৰ্ঘকাল ধৰি যমৰ যাতনা ভোগ কৰি আহিছিল ৷

মুখ্যমন্ত্ৰীৰ আগমণৰ প্ৰাকমুহূৰ্ত্তত মেৰামতি হৈ উঠিল টীয়কৰ এটা জৰাজীৰ্ণ পথ

পথটোৰ মেৰামতিৰ বাবে আহৰি নোপোৱা বিভাগটোৰ এনে ক্ষীপ্ৰতাত স্বাভাবিকতেই এতিয়া স্থানীয় ৰাইজৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক হৈছে ৷ অনেকৰ মন্তব্য,"ৰাইজৰ বাবে নহয় ৰজাক সন্তুষ্ট কৰাৰ বাবেহে আছে ৰাজ্যৰ গড়কাপ্তানি বিভাগ ৷" ইফালে পথটো মেৰামতি কৰাৰ নামত গড়কপ্তানি বিভাগে পথৰ দাঁতিত খন্দা নলাই কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলৰ লগতে আৱাসীসকলক অসুবিধাত পেলোৱাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : 25 বছৰে প্ৰাদেশীকৰণ ন'হল কাকপথাৰৰ এখন কনিষ্ঠ মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.