ETV Bharat / state

সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদত বহিল যোৰহাট সাংবাদিক সন্থা - সাংবাদিক সন্থা

মন্ত্ৰী পিযুষ হাজৰিকাই সাংবাদিকক কৰা অপমানৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদত বঢ়িল যোৰহাট সাংবাদিক সন্থা ৷

সাংবাদিকৰ সুৰক্ষা বিচাৰি প্ৰতিবাদত বঢ়িল সাংবাদিক সন্থা

author img

By

Published : Apr 2, 2021, 2:20 PM IST

যোৰহাট, 2এপ্ৰিল: শুকুৰবাৰে সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদত বহিল যোৰহাট সাংবাদিক সন্থা ৷ মন্ত্ৰী পিযুষ হাজৰিকাই দুজনকৈ সাংবাদিকক টেলিফোন যোগে ভাবুকি দিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে যোৰহাট জিলাৰ ই মিডিয়া সকল ।

যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত মন্ত্রী পিযুষ হাজৰিকাৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে সাংবাদিক দুজনৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদত বঢ়িল সাংবাদিক সন্থাৰ

আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ পৰাই মন্ত্রী গৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এক স্মাৰক পত্ৰও অসমৰ ইলেকচন কমিছনলৈ প্ৰেৰণ কৰে প্ৰতিবাদী সকলে । আনহাতে, সাংবাদিক সকলৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত টাই আহোম ছাত্র সন্থা, ৰাইজৰ দল, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনৰ কৰ্ম-কৰ্তা সকলেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি : নিলম্বন 4 নিৰ্বাচনী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.