টীয়ক, 27 মে’: হাজোৰ ক্ষুদ্ৰ পাঁচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্ত কেইজনক ফাঁচী দিয়াৰ দাবীত বুধবাৰে টীয়কৰ বাদুলীপুখুৰীত প্ৰতিবাদ সাব্যস্ত ৷ মৰিয়া জাতি যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত আৰু ৰাইজৰ সহযোগত স্থানীয় যুৱকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।
লগতে একাংশ লোকে হাজোৰ এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দি সামাজিক মাধ্যমৰ যোগেদি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । এনে ঘটনাৰ সঁজুলি হিচাপে লৈ সাতামপুৰুষীয়া অসমৰ সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: এয়াৰ ইণ্ডিয়াৰ যাত্ৰী সকলৰ বাবে সুখবৰ !