ETV Bharat / state

টীয়কত প্ৰজ্ঞা ফাউণ্ডেছনৰ সংস্কাৰ জাগৰণ যাত্ৰা

author img

By

Published : Feb 28, 2021, 7:22 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো দেওবাৰে প্ৰজ্ঞা ফাউণ্ডেছনে আয়োজন কৰে এক জন সজাগতা সভাৰ । এই কাৰ্যসূচীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনী ।

টীয়কত প্ৰজ্ঞা ফাউণ্ডেছনৰ সংস্কাৰ জাগৰণ যাত্ৰা
টীয়কত প্ৰজ্ঞা ফাউণ্ডেছনৰ সংস্কাৰ জাগৰণ যাত্ৰা

টীয়ক,২৮ ফেব্ৰুৱাৰী: যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংস্কাৰ জাগৰণ যাত্ৰাৰ আয়োজন কৰা হৈছে । সমাজ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে যোৰহাট জিলাৰ টীয়কতো প্ৰজ্ঞা ফাউণ্ডেছনে আৰম্ভ কৰে বিশেষ সংস্কাৰ জাগৰণ যাত্ৰা । দেওবাৰে টীয়কৰ পুৰণা বেংক তিনিআলিত এক জাগৰণ সভা অনুস্থিত কৰা হয় য'ত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনী উপস্থিত থাকে । অভিনেতাগৰাকীয়ে কাৰ্যসূচীত অংশ লৈ উপস্থিত ৰাইজক সামাজিক ব্যাধিসমূহৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য যে নিজৰ ভূমি সুৰক্ষাৰ গুৰুত্ব,মাদক দ্ৰব্য বৰ্জন আৰু সমাজ সুৰক্ষা, থলুৱা সংস্কৃতি ঐতিহ্যৰ সুৰক্ষা,প্ৰকৃতি সুৰক্ষা,জৈৱিক কৃষি আৰু গো-পালনৰ প্ৰয়োজনীয়তা আদি বিভিন্ন বিষয়ত ৰাইজক সজাগ আৰু সংস্কাৰ কৰাৰ লক্ষ্যৰে প্ৰজ্ঞা ফাইণ্ডেছনে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:কাইলৈ অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা বাদ্ৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.