ETV Bharat / state

আফ্ৰিকান ছোৱাইন ফিভাৰ হ'লে ভগৱানেই একমাত্ৰ ভাৰসা হ'ব গাহৰি পালকৰ ! - undefined

মাজুলিত অচিন ৰোগত আক্ৰান্ত হৈ প্ৰতিদিনেই মৃত্যু মুখত পৰিছে বহু গাহৰি ৷ যাৰবাবে মাজুলিত 34 হাজাৰ গাহৰি পালকৰ ঘৰে-ঘৰে উঠিছে কান্দোনৰ ৰোল ৷

Pig infected with African swine fever in majuli
কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা
author img

By

Published : Apr 30, 2020, 7:51 PM IST

মাজুলি, 30 এপ্ৰিল : প্ৰতিদিনাই অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৰাজ্যৰ বহু শতাধিক গাহৰি ৷ মাজুলিতো প্ৰায় তিনি হাজাৰৰো অধিক গাহৰি অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷ এক চৰকাৰী তথ্য অনুসৰি মাজুলীত প্ৰায় 34,347 টা গাহৰি আছে যদিও মাত্ৰ ২১ হাজাৰ গাহৰিক হে বৰ্তমানলৈ প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে পশুপালন বিভাগে ৷ বিভাগীয় মন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে মাজুলিত উপস্থিত হৈ জানিবলৈ দিয়া অনুসৰি গুৱাহাটীৰ লে'বত এই অচিন ৰোগটো আফ্ৰিকান ছোৱাইন ফিভাৰ বুলি জানিব পৰা গৈছে ৷

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা

কিন্তু ভূপালত মৃত গাহৰিৰ চেম্পল টেষ্টৰ পিছত হে প্ৰকৃত তথ্য লাভ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি লক-ডাউনৰ বাবে ৰাজ্যৰ কৃষি ক্ষেত্ৰত প্ৰায় 40 কোটি টকা লোকচানৰ সন্মুখীন হোৱাৰ পিছত পুনৰবাৰ অচিন ৰোগে জুৰুলা কৰিব গাহৰি পালকক ৷ যদিহে ভূপালৰ টেষ্টৰ পিছত আফ্ৰিকান ফিভাৰ ৰোগ হোৱাটো সত্য হয় তেতিয়াহলে ভগৱানেই একমাত্ৰ ভৰষা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে ৷

লগতে পঢ়ক : বিজেপিৰে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক টুইট

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.