ETV Bharat / state

যোৰহাটত যুৱকৰ প্ৰচেষ্টাত ফুলিল 8500 জোপা কপৌ

ঋতুৰ শ্ৰেষ্ঠ বসন্তৰ আগমনৰ বতৰা লৈ যোৰহাট ৰঙাজানৰ মিঠু গগৈ নামৰ ব্যক্তিজনৰ প্ৰচেষ্টাত ফুলিল 250 প্ৰজাতিৰ কপৌফুল ৷ বিশ্বৰ এনেক ফুলৰ মাজত সুকীয়াৰূপে পৰিচিত 8500 জোপা কপৌফুল সংৰক্ষণ ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি মিঠু গগৈয়ে দাঙি ধৰিছে প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শন ৷

author img

By

Published : Mar 30, 2019, 5:52 PM IST

যোৰহাটত যুৱকৰ প্ৰচেষ্টাত ফুলিল ৮৫০০ জোপা কপৌ

যোৰহাট, 30 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ ধামমুখীয়া পৰিৱেশৰ মাজতে সংগোপনে আহিল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ গছে কুঁহিপাত আৰু বিৰিখে বিৰিখে কপৌ ফুলি বসন্তৰ আগমনে দিলে ব'হাগৰ বতৰা ৷ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৷ ঋতুৰ শ্ৰেষ্ঠ বসন্তৰ আগমনৰ বতৰা লৈ যোৰহাট ৰঙাজানৰ মিঠু গগৈ নামৰ ব্যক্তিজনৰ প্ৰচেষ্টাত ফুলিল 250 বিধ প্ৰজাতিৰ কপৌফুল ৷ বিশ্বৰ অনেক ফুলৰ মাজত সুকীয়াৰূপে পৰিচিত 8500 জোপা কপৌফুল সংৰক্ষণ ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি মিঠু গগৈয়ে দাঙি ধৰিছে প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিদৰ্শন ৷ সৌন্দৰ্য পিপাসু অসমীয়াৰ জন-জীৱনত কপৌফুলৰ স্থান সুকীয়া ৷ অসমীয়াৰ স্বাভিমান ব'হাগৰ লগত এৰিব নোৱাৰা সম্পৰ্ক থকা কপৌফুলৰ সংৰক্ষণে অসমীয়ালৈ কঢ়িয়াই আনিছেগৌৰৱোজ্জ্বল ভবিষ্যৎ৷

লোক সভা নিৰ্বাচনৰ ধামমুখীয়া পৰিৱেশৰ মাজতে সংগোপনে আহিল হেপাহৰ ৰঙালী।বিৰিখে বিৰিখে কপৌফুল ফুলি দিলে বতৰা বহাগৰ।।

শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া লোক সভা নিৰ্বাচনৰ গৰম বতাহ।।১১ এপ্ৰিল প্ৰথম পয্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ দিন।তাৰ পাছতে ই অসমীয়া বাপুটি সাহোন ৰংৰ ৰঙালী বিহু।গছে বনে ন-কুহিপাত,ডালে ডালে ফুলি জাননী দিলে আগমণ বহাগৰ।হেপাহৰ ৰঙালী বিহু লৈ মাজত মাথোঁ এটা পষেক। ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতাহ।যাৰফলত ৰাজ্যবাসী গাত লগা নাই বিহুৰ উন্মাদ্দনা।কিন্তু প্ৰকৃতিয়ে নাপাহৰে ঋতুৰ বতৰা কঢ়িয়াই আনিবলৈ।ঋতুৰ শ্ৰেষ্ঠ বসন্তৰ আগমনৰ বতৰা লৈ ফুলিল কপৌ।গছৰ ন-কুহিপাততে দিছে এইয়া যে বসন্ত।।

এসময়ত ৰাজ্যত উভয়নদী হৈ থকা কপৌফুল পাবলৈ নায়।কিন্তু যোৰহাট ৰঙাজানৰ এজন ব্যক্তি।যাৰ নাম মিঠু গগৈ।ব্যক্তি গৰাকীৰ ঘৰলৈ যেন বসন্তৰ আগমনৰ লগে লগে আহিছে হেপাহৰ ৰঙালী।
অসমৰ জৈৱ-বৈচিত্ৰৰ হেমহাড় সাদৃশ্য ৰাজ্যিক ফুল "কপৌফুল"।বিশ্বৰ এনেক ফুলৰ মাজত কপৌফুল সুকীয়া।সৌন্দৰ্য পিপাসু অসমীয়াৰ জন-জীৱনত কপৌফুল ৰ স্হান সুকীয়া।বহাগৰ লগত যেন এৰিব নোৱাৰা সম্পৰ্ক কপৌফুলৰ।নাচনীৰ খোপাত কপৌফুল নহলে সম্পূৰ্ণ নহয়গৈ নাচনী।

উল্লেখযোগ্য যে যোৰহাটৰ ৰঙাজানৰ মিঠু গগৈৰ ঘৰৰ চৌহদতে গঢ়ি তোলা কপৌফুলৰ বাগিছা খনত ৮৫০০ জোপা কপৌফুল আছে।ইয়াৰ ভিতৰত ২৫০ বিধৰ প্ৰজাতিৰ।ইতিমধ্যে কপৌফুল সংৰক্ষণ ব্যৱস্থাৰ ওপৰত গূৰুত্বপূৰ্ন ভুমিকা গ্ৰহন কৰিছে মিঠু গগৈয়ে।কপৌ ফুলৰ উপৰিও বিভিন্ন প্ৰজাতিৰ অৰ্কিড ও সু-পৰিকল্পনা সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.