ETV Bharat / state

Over speed of Dumper: যোৰহাটত ডাম্পাৰৰ খুন্দাত আহত চাইকেল আৰোহী

author img

By

Published : Apr 11, 2023, 9:39 PM IST

যোৰাহাটত ডাম্পাৰৰ দৌৰাত্ম অব্যাহত আছে (Over speed of Dumper in Jorhat)। তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই থৈ গ'ল চাইকেল আৰোহীক । ডাম্পাৰৰ খুন্দাত আহত চাইকেল আৰোহী । দুৰ্ঘটনাৰ পাচতে অঞ্চলটোত তীব্ৰ উত্তেজনা ।

Over speed of Dumper
যোৰহাটত ডাম্পাৰৰ খুন্দাত আহত চাইকেল আৰোহী

যোৰহাট, ১১ এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তত মাটি আৰু বালিৰ অবৈধ সৰবৰাহ অব্যাহত আছে । অবৈধ সৰবৰাহ কৰা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ । যোৰহাট জিলাৰ বিভিন্ন প্ৰান্ততো ডাম্পাৰৰ দৌৰাত্ম অব্যাহত আছে । এইবাৰে তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে চাইকেল আৰোহীক । কথমপি প্ৰাণ ৰক্ষা চাইকেল আৰোহীৰ (Accident due to high speed dumper)।

এই ঘটনা যোৰহাট জিলাৰ মালৌ আলি বাইপাচৰ সমীপৰ । চাইকেল আৰোহীক পিছফালৰ পৰা খুন্দিয়াই AS-03-BC-8171 নম্বৰৰ এখন ডাম্পাৰে । বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহীজন সমীপৰ টোকোলাই জানত পৰি যায় । যাৰ বাবে গুৰুতৰভাৱে আঘাত হয় চাইকেল আৰোহীজন (High speed dumper hit cyclist in Jorhat)।

ডাম্পাৰৰ খুন্দাত আহত লোকজনক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাৰ পাচতে মালৌ আলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনক ৰাইজে আৱদ্ধ কৰি ৰাখে আৰু আৰক্ষীক চমজাই দিয়ে ।

উল্লেখ্য যে, মালৌ আলি পথত ডাম্পাৰৰ চলাচল বন্ধ কৰাৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল । কিন্তু ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগ আৰু পৰিবহণ বিভাগক মেনেজ কৰি একাংশ ভূ-মাফিয়াই ভোগদৈ বুকুত খনন চলাই আহিছে আৰু দিনে-নিশাই ডাম্পাৰেৰে সেই মাটি আৰু বালি সৰবৰাহ কৰি আহিছে (Illegal supply of sand)। ৰাইজৰ অভিযোগ বালি সৰবৰাহৰ মূল পথ হৈছে এলেংমৰা আৰু মালৌ আলি সংযোগী পথ ।

ভোগদৈৰ উপৰিও ব্ৰহ্মপুত্ৰ নদীৰ বুকুতো এটা চক্ৰই খনন কাৰ্য আৰম্ভ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে । বালি আৰু মাটিবোৰ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ, বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠানত অধিক দামত বিক্ৰী কৰি আহিছে চক্ৰটোৱে । ফলত বালি আৰু মাটি সৰবৰাহ কৰা ডাম্পাৰ আৰু ট্ৰাকৰ দৌৰাত্ম দিনক দিনে বৃদ্ধি পাই আহিছে ।

ইফালে কিছুদিন পূৰ্বে ট্ৰাক আৰু ডাম্পাৰৰ দৌৰাত্মৰ বাবে এজন যুৱক দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছিল । তাৰ পাচতে ৰাইজে পথ অৱৰোধ কৰি ট্ৰাক আৰু ডাম্পাৰৰ চলাচল বন্ধ কৰিবলৈ দাবী জনাইছিল । ৰাইজৰ প্ৰতিবাদৰ পাছতে কেইদিনমানৰ বাবে ট্ৰাক আৰু ডাম্পাৰৰ চলাচল বন্ধ হৈ আছিল । সেই ঘটনাৰ পাচতে পুনৰ এনে দুৰ্ঘটনা সংঘটিত হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক :Arsenic Removal Capsule : কলিয়াবৰৰ অধ্যাপকে উদ্ভাৱন কৰিলে আৰ্ছেনিক মুক্তকৰণৰ কেপছুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.