1.ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা
শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হয় জি এন আৰ চিৰ চিকিৎসক ডাঃ নভনীল বৰুৱা ৷ ৰাজকন্যা বৰুৱাক ভুৱা স্বাস্থ্য প্ৰমাণ পত্ৰৰে আই চি ইউত ভৰ্তিৰ সুবিধা কৰি দিয়াৰ অভিযোগ ডাঃ বৰুৱাৰ ওপৰত ৷
2.উপ-নিৰ্বাচনতে থানবান হ’ল ঐক্যৱদ্ধ বিৰোধীৰ ফৰ্মূলা !
উপ-নিৰ্বাচন(By Election)তে যেন স্পষ্ট হৈ পৰিল বিৰোধী দল(Opposition Party)সমূহৰ ভুৱা মিত্ৰতাৰ ছবিখন ৷ বিজেপি(BJP)ক প্ৰতিহত কৰাটোৱেই আছিল ঐক্যৱদ্ধ বিৰোধীৰ মূল লক্ষ্য ৷ মূলতঃ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন(By Election)ৰ পূৰ্বেই এই কথা স্পষ্ট হৈ পৰিল । কিয়নো প্ৰতিটো বিৰোধী দলে একেলগ হোৱাৰ পৰিৱৰ্তে নিজ নিজ দলৰ পৰা একোগৰাকীকৈ নেতাক প্ৰাৰ্থিত্ব দিছে ৷
3.সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিল : ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব প্ৰত্যাহ্বান
উপ-নিৰ্বাচন দুৱাৰ দলিত । অসমৰ আন আন সমষ্টিৰ দৰে থাওৰা সমষ্টিটো গৰম হৈছে নিৰ্বাচনী বতাহ । বৃহস্পতিবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ পাচত আজি কংগ্ৰেছ দল এৰি বিজেপি দললৈ যোৱা সুশান্ত বৰগোঁহাইয়ে দাখিল কৰিছে মনোনয়ন ৷ সমস্ত শক্তি প্ৰদৰ্শন কৰি শুকুৰবাৰে বিজেপি দলে ১০৭ নং থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে ৷
4.উপ-নিৰ্বাচন : মৰিয়নীত মনোনয়ন দাখিল কৰিব তিনি প্ৰাৰ্থীয়ে
মৰিয়নী বিধানসভা সমষ্টি(Mariani Constituency)ৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে শুকুৰবাৰে মনোনয়ন(Nomination) পত্ৰ দাখিল কৰিব সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়োৱা তিনিগৰাকী প্ৰাৰ্থীয়ে । বিজেপিৰ ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi), কংগ্ৰেছৰ লোহিত কোঁৱৰ(Lohit Konwar) আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈ(Sanjib Gogoi)য়ে দাখিল কৰিব এই মনোনয়ন পত্ৰ ৷
5.দিখৌ নৈৰ দলঙৰ ভঙা অংশৰে সৰকিল এজন যুৱক
দিখৌ নৈ(Dikhow River)ৰ এখন দলঙৰ ভঙা অংশৰে সৰকি পৰিল এজন চাইকেল আৰোহী ৷ শতিকা গৰকা এই দলংখনৰ ভাঙি যোৱা অংশৰে সৰকি নৈৰ বামত পৰে পাপু কৰ্মকাৰ নামৰ যুৱকজন ৷ কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ ৷
6.প্ৰধানমন্ত্ৰীৰ উপহাৰৰ নিলাম : নীৰজ চোপ্ৰাৰ জেভলিনে পালে সৰ্বাধিক টকাৰ নিবিদা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভ কৰা উপহাৰ আৰু স্মাৰকবোৰৰ তৃতীয় পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত এইবাৰ ৰখা হৈছিল টকিঅ' অলিম্পিকৰ খেলুৱৈসকলে প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া বিভিন্ন খেলৰ সামগ্ৰীও ।
7.পুনৰ ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ
চীনে বিভিন্ন সময়ত ভাৰতৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলাই আহিছে । যাৰ বাবে দুয়োখন দেশৰ মাজত বহু সময়ত সীমা সমস্যাকলৈ সংঘৰ্ষৰো সৃষ্টি হয় । দুয়োখন দেশৰ মাজত এই সমস্যা সমাধানক লৈ আলোচনা চলি থকাৰ মাজতে পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চীনা সৈন্যৰ ।
8.গোলাঘাটৰ প্ৰতিখন থানাত প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণ বিতৰণ
গোলাঘাটৰ প্ৰতিখন থানাত পৰিবহণ বিভাগৰ উদ্যোগত প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণ বিতৰণ ৷ আৰক্ষী থানাতেই দুৰ্ঘটনাত পতিত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লক্ষ্য ৰাখি জিলাখনৰ আৰক্ষী থানাসমূহত বিভাগটোৱে একোখনকৈ ষ্টেচাৰৰ লগতে প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সা-সামগ্ৰী বিতৰণ কৰে ৷
9.১৫ অক্টোবৰৰ পৰা বিদেশীসকলক দিয়া হ'ব ভাৰতীয় পৰ্যটক ভিছা
দীৰ্ঘ বিৰতিৰ অন্তত অৱশেষত ভাৰতলৈ আহিব পাৰিব বিদেশী পৰ্যটক । ক'ভিড পৰিস্থিতিৰ বাবে যোৱা বছৰৰ পৰা বিদেশীসকলক প্ৰদান কৰা হোৱা নাছিল কোনো ধৰণৰ ভিছা । কিন্তু শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই মাহৰ পৰাই বিদেশীসকলক ভাৰতলৈ অহাৰ অনুমতি দিয়া হ'ব ।
10.উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ উত্তাল প্ৰতিবাদ
উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ(PSSA)ৰ প্ৰতিবাদী কাৰ্যসূচী । সমাজ কল্যাণ বিভাগ(Social Welfare Department)ৰ অধীনত বিশেষভাৱে সক্ষম লোক(Specially Abled)সকলৰ চতুৰ্থ শ্ৰেণী পদ সংৰক্ষণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University)য়ে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল ৷ কিন্তু বৰ্তমানেও ফলাফল ঘোষণা কৰা হোৱা নাই ৷